Local, Vocal, Global

Assam HS Results 2024 : ইতিহাস হ’ল শীৰ্ষ ১০ টা স্থান লাভৰ ধাৰা! ৩৭ বছৰৰ পাছত ঐতিহাসিক সিদ্ধান্ত শিক্ষা সংসদৰ

নিউজ ডেস্ক,৯মে’ : ইতিহাস হ’ল শীৰ্ষ ১০ টা স্থান লাভৰ ধাৰা!৩৭ বছৰৰ পাছত ঐতিহাসিক সিদ্ধান্ত শিক্ষা সংসদৰ । বাৰেপাচি ভুলেৰে ঘোষণা HSৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল(Assam HS Results 2024) ।

৩৭ বছৰৰ পাছত শিক্ষা সংসদৰ ঐতিহাসিক সিদ্ধান্তৰ মাজেৰে ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাৰ লগে লগে ছেৱাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ফলাফল। উল্লেখ্য যে এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কলা, বিজ্ঞান আৰু বাণিজ্য আৰু ভকেচনেল আটাইকেইটা বিভাগতে অৱতীৰ্ণ হৈছিল মুঠ ২,৭৩,৯০৮ গৰাকী পৰীক্ষাৰ্থী। HSৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল মুঠ ২,৪২, ৭৯৪ গৰাকী পৰীক্ষাৰ্থী। কলা শাখাত প্ৰথম বিভাগত ৪১,১৩৩ গৰাকী, দ্বিতীয় বিভাগত ৬৬,৪০৮ গৰাকীৰ বিপৰীতে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৬৯,৮৯০ গৰাকী পৰীক্ষাৰ্থী। কলা শাখাত উত্তীৰ্ণৰ হাৰ ৮৮.২৪%। মুঠ ২,০,১০৮৯ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১,৭৭,৪৩৪ গৰাকী উত্তীৰ্ণ। উল্লেখ্য যে কলা শাখাত ৯৭.৪৪% উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত বাক্সা জিলা ।৯৭.০৩% উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থানত নলবাৰী জিলা।৯৬.৯৫% উত্তীৰ্ণৰ হাৰেৰে তৃতীয় স্থানত দৰং জিলা ।

আনহাতে বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণৰ সংখ্যা হৈছে ২৫,৪৩৭ গৰাকী। দ্বিতীয় বিভাগত ১৮,২০১ গৰাকী আৰু তৃতীয় বিভাগত ৫,৫৪৯ গৰাকী। বিজ্ঞান শাখাত মুঠ উত্তীৰ্ণৰ হাৰ ৯০.২৯%। বিজ্ঞান শাখাত ৯৭.৯৮% উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত তামুলপুৰ জিলা, ৯৭.৬০% উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থানত শিৱসাগৰ জিলা। ৯৫.৮৬% উত্তীৰ্ণৰ হাৰেৰে তৃতীয় স্থানত বাক্সা জিলা(Assam HS Results 2024) ।

বাণিজ্য শাখাত প্ৰথম বিভাগত ৬,১৯২ গৰাকী, দ্বিতীয় বিভাগত ৬,০৫২ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণৰ সংখ্যা হৈছে ৩,১১২ গৰাকী। বাণিজ্য শাখাত মুঠ উত্তীৰ্ণৰ হাৰ ৮৮.২৮%। বাণিজ্য শাখাত ৯৭.৪২% উত্তীৰ্ণৰ হাৰেৰে প্ৰথম স্থানত আছে শিৱসাগৰ জিলা। ৯৬.৯১% উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থানত বজালী জিলা। ৯৫.৮৮% উত্তীৰ্ণৰ হাৰেৰে উমৈহতীয়াভাৱে তৃতীয় স্থানত আছে বাক্সা, চৰাইদেউ জিলা। তিনিওটা শাখাতে পূৰ্বৰ তুলনাত উত্তীৰ্ণৰ হাৰ উন্নত।

উল্লেখ্য যে পূৰ্বৰ পৰম্পৰা ভংগ কৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত এইবাৰ নাথাকিল কোনো শীৰ্ষ স্থান। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত ঘোষণা হল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। ৩৭ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত শীৰ্ষ স্থান নথকাত বিদ্যালয়, মহাবিদ্যালয়সমূহত পূৰ্বতকৈ উচাহ ম্লান পৰিলেও শিক্ষক,তথা শিক্ষাৰ্থী সকলে আদৰণি জনায় শিক্ষা সংসদৰ এই সিদ্ধান্তক। HSৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱেও শিক্ষা ব্যৱস্থা উন্নত কৰাটোহে আজি প্ৰয়োজন, ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণক লৈ উৎসৱ পতাৰ প্ৰয়োজন নাই বুলি আগবঢ়াই মন্তব্য ।

উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। আশানুৰূপ ফলাফল লাভ নকৰা পৰীক্ষাৰ্থীক ন উদ্যমেৰে আগুৱাই যোৱাৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ।

উল্লেখ্য যে বিগত বৰ্ষসমূহৰ তুলনাত এইবৰ্ষ কিছু আগতিয়াকৈ ঘোষণা কৰা HSৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত পূৰ্বৰ দৰেই ৰৈ গল কিছু ক্ৰুটি। ফলাফল ঘোষণাৰ পাছতে পোহৰলৈ আহিল বাৰেপাচি ভুলেৰে HSৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱোৰ কথাও। পৰীক্ষা নিদিয়া বিষয়তো নম্বৰ দিলে ‘উদাৰ’ শিক্ষা সংসদে। সাই বিকাশ ছিনিয়ৰ ছেকেণ্ডৰিৰ এগৰাকী পৰিক্ষাৰ্থীৰ এডমিট কাৰ্ডত নথকা বিষয়টো শিক্ষা সংসদে দিলে ৩০ নম্বৰ। লখিমপুৰৰ পলিগণ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ এগৰাকী ছাত্ৰীৰ ফলাফলতো হৈছে বিসংগতি।

লগতে পঢ়ক : Student commits suicide : হোষ্টেলৰ কোঠাত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ ছাত্ৰীৰ মৃতদেহ