Local, Vocal, Global

Assam HS Education Council issued new notification : HS ৰ প্ৰথম বৰ্ষৰ নাম ভৰ্তিক লৈ ডাঙৰ ঘোষণা; মুকলি হ’ল দৰ্পন পৰ্টেল

নিউজ ডেস্ক,২৩ এপ্ৰিল : HS ৰ প্ৰথম বৰ্ষৰ নাম ভৰ্তিক লৈ ডাঙৰ ঘোষণা । ৰাজ্যত আৰম্ভ HS ৰ প্ৰথম বৰ্ষৰ নাম ভৰ্তি প্ৰক্ৰিয়া(Assam HS Education Council issued new notification)।

চলিত শিক্ষাবৰ্ষতো অনলাইন পদ্ধতিৰে হ’ব নামভৰ্তি । আজিৰে পৰা মুকলি হৈছে দৰ্পন পৰ্টেল ।

মঙলবাৰে ২০২৪-২৫ বৰ্ষত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে মুকলি কৰিছে “দৰ্পণ নামভৰ্তি পৰ্টেল” ।

অনলাইন নামভৰ্তি সন্দৰ্ভত শিক্ষা সংসদে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে www.darpan.ahseconline.in বা www.ahsec.assam.gov.in ৰ জৰিয়তে অনলাইন যোগে আবেদন কৰিব পাৰিব(Assam HS Education Council issued new notification)।

আজিৰে পৰা ২মে’ পৰ্য্যন্ত ছাত্ৰ-ছাত্ৰীসকলে অনলাইন আবেদন কৰিব পাৰিব।নামভৰ্তিৰ আবেদন দাখিলৰ অন্তিম দিন ২ মে’

এনে আবেদনৰ পিছত সংশ্লিষ্ট শিক্ষানুষ্ঠানে ৩মে’ৰ পৰা ৪ মে’ৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ যোগ্যতা তালিকা, অপেক্ষাৰ তালিকা প্ৰস্তুত কৰিব। ৬ মে’ৰ পৰা ৮ মে’ৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষানুষ্ঠান সমুহত নামভৰ্তি কৰিব লাগিব। উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰিলে এই নিৰ্দেশনা।

লগতে পঢ়ক : Seven Hundred Minorities join bjp in Chirang : চিৰাঙত বিজেপিত যোগদান সাতশৰো অধিক সংখ্যালঘূৰ