ৰাজ্যৰ মহিলাসকলৰ বাবে সুখবৰ!
সমাগত বিধানসভা নির্বাচন। নির্বাচনৰ প্ৰাক মুহূর্তত ৰাজ্য চৰকাৰে ঘোষণা কৰিছে এখনৰ পিছত আন এখন আঁচনি। কেইদিনমান পূর্বে স্বয়ম আঁচনিৰ জৰিয়তে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে ঘোষণা কৰিছিল ৫০ হাজাৰকৈ টকা আগবঢ়োৱাৰ কথা। এইবাৰ ৰাজ্য চৰকাৰ সাজু হৈছে আন এখন আঁচনিৰ বাবে। ৰাজ্যৰ আর্থিকভাৱে পিছপৰা মহিলাসকলৰ বাবে ঘোষণা কৰিছে কনকলতা মহিলা সবলীকৰণ আঁচনি। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলা আত্মসহায়ক গোটসমূহলৈ আগবঢ়োৱা হ’ব ৫০ হাজাৰকৈ টকা। বুধবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছে এই কথা। অহা ৮ ফেব্ৰুৱাৰীত কনকলতা মহিলা সবলীকৰণ আঁচনিৰ জৰিয়তে মহিলা আত্মসহায়ক গোটসমূহে লাভ কৰিব এই ধনৰাশি।