Karam Puja as govt holiday : অৱশেষত চাহ শ্ৰমিকৰ দাবী মানি ল’বলৈ বাধ্য হ’ল অসম চৰকাৰে

নিউজ ডেস্ক, ২৩ছেপ্টেম্বৰ : অৱশেষত চাহ শ্ৰমিকৰ দাবী মানি ল’লে অসম চৰকাৰে(Karam Puja as govt holiday) । কৰম পূজাত পেইড হলিডে’ লাভ কৰাৰ পৰিবৰ্তে পৰৱৰ্তী যি কোনো এটা দেওবাৰে অথবা অন্য বন্ধৰ দিনত কাম কৰি দিয়াৰ জাৰি কৰা জাননী প্ৰত্যাহাৰ কৰিছে চৰকাৰে(Assam Govt Announces Holiday On Karam Puja) ৷
উল্লেখ্য যে, কৰম পূজাৰ দিনা চৰকাৰী বন্ধ ঘোষণা কৰিছিল ৷ শেহতীয়া এক জাননীযোগে ৰাজ্যৰ চাহ জনগোষ্ঠীসকলে শুক্লা একাদশীৰ দিনা পালন কৰি অহা কৰম পূজাৰ দিনটো পেইড হলিডে’ ঘোষণা কৰিছিল ৰাজ্য চৰকাৰৰ শ্ৰমিক কল্যাণ বিভাগে ৷ পৱিত্ৰ কৰম পূজাৰ দিনটো পেইড হ’লিডেৰ পৰিৰ্ৱতে অন্য এটা দিনত কাম কৰি দিব লাগিব বুলি শ্ৰম বিভাগৰ তৰফৰ পৰা জাননী জাৰী কৰিছিল(Govt Declared Holiday For Karam Puja)।
এই নিৰ্দেশনাৰ পাছতে বৰ্তমান ৰাজ্যজুৰি বাগানে-বাগানে চাহ শ্ৰমিকসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
চৰকাৰৰ এই নিৰ্দেশনাক কঠোৰ ভাষাৰে সমালোচনা কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে ৷ ইফালে বিজেপিৰ মন্ত্ৰী বিধায়কৰ চাহ বাগিচাসমূহত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছিল All Assam Tea Tribes Student Association আৰু চাহ শ্ৰমিক সমাজে ৷
ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিবাদৰ মাজতে অৱশেষত ৰাজ্য চৰকাৰে মানি ল’বলৈ বাধ্য হ’ল চাহ শ্ৰমিকৰ দাবী ৷ প্ৰতিবাদৰ উচিত সঁহাৰি জনাই চাহ শ্ৰমিকৰ এই দাবী অসম চৰকাৰে মানি লোৱাত আন্দোলন প্ৰত্যাহাৰ কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই।
লগতে পঢ়ক :Silchar NIT student protest : প্রত্যাহাৰ কৰা হ’ল শিলচৰ এন আই টি ৰ ছাত্র আন্দোলন