Dress Code For Teachers শিক্ষকৰ বাবে সাজ-পোছাক নিৰ্ধাৰণ কৰিলে চৰকাৰে
নিউজ ডেস্ক, ২০ মে’: এতিয়াৰ পৰা অসমৰ সমূহ শিক্ষানুষ্ঠানৰ শিক্ষকসকলে সাজ-পোছাক পৰিধানৰ ক্ষেত্ৰত মানিব লাগিব নীতি নিৰ্দেশনা । অসম চৰকাৰৰ Dept Of School Education ৰ পৰা জাৰি কৰা এক নিৰ্দেশনাটোত উল্লেখ কৰা অনুসৰি বিদ্যালয়ৰ শিক্ষকসকলে পৰিধান কৰা সাজ-পোছাকযোৰ আনুষ্ঠানিক সাজ-পোছাক হ’ব লাগিব (Teachers in educational institutes in Assam) ।
১৯ মে’ত জাৰি কৰা এই নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে যে শিক্ষানুষ্ঠানসমূহৰ একাংশ শিক্ষকে ৰাজহুৱা স্থানত গ্ৰহণযোগ্য বুলি গণ্য কৰা সাজ-পোছাকৰ নিয়ম মানি চলা নাছিল, তাৰ পৰিৱৰ্তে বিদ্যালয়লৈ আহোতে যিকোনো সাজ-পোছাক বাচনি কৰি পৰিধান কৰি আহিছিল।
তাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ ৰাজ্যপালে দিয়া এক নিৰ্দেশনাত শিক্ষকসকলক সাজ-পোছাক পৰিধান কৰাৰ ক্ষেত্ৰত সাজ-পোছাকৰ নিয়ম মানি চলিবলৈ কোৱা হৈছিল (Governor of Assam)। চৰকাৰী নিৰ্দেশনাটোত উল্লেখ আছিল, “শিক্ষানুষ্ঠানৰ একাংশ শিক্ষকে নিজৰ পছন্দৰ সাজ-পোছাক পিন্ধি বিদ্যালয়লৈ অহা পৰিলক্ষিত হয় যিটো কোনো কোনো সময়ত সামগ্ৰিকভাৱে জনসাধাৰণৰ বাবে গ্ৰহণযোগ্য যেন নালাগে ।”
“যিহেতু এজন শিক্ষকে বিশেষকৈ নিজৰ কৰ্তব্য পালন কৰাৰ সময়ত তেখেখসকলক সকলো ধৰণৰ শালীনতাৰ আদৰ্শ বুলি আশা কৰা হয়, সেয়েহে কৰ্মক্ষেত্ৰত শিষ্টাচাৰ, শালীনতা, পেছাদাৰিত্ব আৰু উদ্দেশ্যৰ গুৰুত্বৰ ধাৰণা সচেতন হ’ব লাগে, তেনে ক্ষেত্ৰত সাজ-পোছাক পৰিধানৰ ক্ষেত্ৰত নীতি নিৰ্দেশনা মানি চলাটো প্ৰয়োজনীয় হৈ পৰিছে, ” লগতে এইধৰণে উল্লেখ কৰা হয় ।
তদুপৰি Dept Of School Education য়েও সকলো শিক্ষানুষ্ঠানৰ শিক্ষকসকলৰ বাবে সাজ-পোছাক নিৰ্ধাৰণ কৰিছে। সেই অনুসৰি, পুৰুষ শিক্ষকসকলে কেৱল উপযুক্ত আনুষ্ঠানিক সাজ-পোছাক পিন্ধি নিজৰ কৰ্তব্যত উপস্থিত থাকিব লাগিব ((আনুষ্ঠানিক চাৰ্ট-পেণ্ট আৰু কেজুৱেল সাজ-পোছাক যেনে টি-চাৰ্ট, জিন্স ইত্যাদি পিন্ধিব নোৱাৰিব))
মহিলা শিক্ষকসকলে নিজৰ কৰ্তব্যত গ্ৰহণযোগ্য ছালৱাৰ /শাৰী /মেখেলা- চাদৰ পিন্ধি উপস্থিত থাকিব লাগিব আৰু কেজুৱেল এটায়াৰ যেনে টি-চাৰ্ট, জিন্স, লেগিংছ ইত্যাদি পিন্ধিব নোৱাৰিব ।
পুৰুষ আৰু মহিলা শিক্ষক উভয়েই পৰিষ্কাৰ, বিনয়ী আৰু গ্ৰহণযোগ্য বস্ত্ৰ পৰিধান কৰিব লাগিব, সেয়াও যাতে জিলমিলিয়া দেখা নাযায়। তাৰোপৰি কেজুৱেল আৰু পাৰ্টিৰ পোচাক পৰিহাৰ কৰিবলৈ কঠোৰভাৱে নিৰ্দেশ দিয়া হৈছে ।
এই নীতি নিৰ্দেশনা সকলোৱে নিখুঁতভাৱে পালন কৰিব লাগিব আৰু ইয়াক পালন কৰা ক্ষেত্ৰত গাফিলতি হ’লে নিয়ম অনুসৰি অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে ।
লগতে পঢ়ক : Junmoni Rabha mysterious death: তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণৰ সিদ্ধান্তৰ কথা কলে জি পি সিঙে