Local, Vocal, Global

১২ বছৰে বানত জুৰুলা এখন গাঁৱৰ ৰাইজৰ দুৰ্দশা

ভগা মথাউৰিত জুপুৰি বান্ধি ভাগ্যক ধিয়াই চকুলো টুকি জীয়াই আছে চেঁচাপানী গাঁওৰ ৰাইজ ৷ বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ কাকৈজান গাঁও পঞ্চায়তৰ অন্তৰ্গত এইখন গাঁও ৷ মৰমৰ আপোন ঘৰখন নদীৰ বুকুত জাহ গল ৷ নদীৰ বুকুলৈ চাই চাই, বালিচৰত বহি চকুলো টুকিছে গঞা ৰাইজে ৷  ভগনীয়া ৰাইজ বৰ্তমান মথাউৰিৰ ওপৰত সৰু সৰু জুপুৰি বান্ধি ১২ বছৰে অতি কষ্টৰে জীৱন-নিৰ্বাহ কৰিছে ৷ এয়া বঙাইগাঁও জিলাৰ আই নদী  আৰু আইৰ বলিয়া বানত বিলিন হোৱা এখন গাঁও ৷ প্ৰত্যক বছৰে বানত জুৰুলা হৈছে গাঁওবাসী ৷ নদীৰ কোৱাল সোঁতত নিশেষ হৈ পৰিছে  ঘৰ-দুৱাৰ,মাটি-বাৰী সকলো ৷ আই নদীৰ বান আৰু গৰাখহনীয়াই সকলো চূড়মাৰ কৰিলে ৷ গাঁওবাসীৰ সপোনবোৰ  নদীৰ বুকুৰ বালিচৰত ৷ সেইসকল গাঁৱবাসী বৰ্তমান এইটো মথাউৰিৰ ওপৰত ১২ বছৰে পাৰ কৰিছে জীৱন ৷ ২৫ টাকৈ পৰিয়াল এনেদৰে জীৱন পাৰ কৰিব লগা হৈছে ৷ চেঁচাপানী গাৱঁৰ ৰাইজৰ দুখৰ কথা কোনে শুনিব ৷ জিলা প্ৰশাসন,বিভাগীয় বিষয়া,মন্ত্ৰী-বিধায়ক কোনেও চকু মেলি নাচালে ৷ ১২ বছৰে কেইখনমান টিনপাত দিয়ে সকলো দ্বায়িত্ব শেষ কৰিলে বিভাগে ৷