ৰাজ্যত ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে হাতী-মানুহৰ সংঘাতে

ৰাজ্যত ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে হাতী-মানুহৰ সংঘাতে। পশ্চিম কাৰ্বি আংলঙৰ বগৰীঘাটতো অব্যাহত হাতী-মানুহৰ সংঘাত। খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তর্গত বগৰীঘাটত বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুগৰাকী লোক। আহত দুগৰাকী ক্ৰমে দিলীপ চৌহান আৰু অমৰনাথ চৌহান। তিনি সতীৰ্থৰ সৈতে পথাৰত ঘা কাটি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। হাতীৰ আক্ৰমণৰ পৰাই কথমপি ৰক্ষা পৰে আন এজন লোক। বহু বছৰ ধৰি অঞ্চলবাসী বনৰীয়া হাতীৰ উপদ্ৰৱত ভুগি আহিছে। কিন্তু খেৰণি বন বিভাগে বন্যহস্তীৰ উপদ্ৰৱৰ পৰাই পৰিত্ৰাণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।