Local, Vocal, Global

Assam Education Department Grant : ৰাজ্যৰ ২৮,২১৯খন বিদ্যালয়লৈ অনুদান শিক্ষা বিভাগৰ

নিউজ ডেস্ক, ৯ জুলাই : সমগ্ৰ শিক্ষা অভিযানৰ মুখ্য কাৰ্যালয়ত গুৰুত্বপূৰ্ণ সংবাদমেল(Samagra_Assam)। সংবাদমেল সম্বোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । দেওবাৰে কাহিলিপাৰাৰ সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যালয়ত শিক্ষামন্ত্ৰী পেগুৱে সংবাদমেলৰ জৰিয়তে ৰাজ্যৰ ২৮,২১৯খন বিদ্যালয়লৈ অনুদান আগবঢ়োৱাৰ বিষয়ে জানিবলৈ দিয়ে (Assam Education Department Grant)।

চলিত শিক্ষাবৰ্ষত অনুদান হিচাপে মুকলি কৰা হয় ৭৯,৮০ কোটি টকা, ক্ৰীড়া আৰু শাৰীৰিক শিক্ষাৰ বাবে মুকলি কৰি দিয়া হয় ১৬.৩৯ কোটি টকা। শিক্ষাৰ্থীৰ পৰিসংখ্যা অনুসৰি প্ৰদান কৰা হয় এই অনুদান ।

শিক্ষামন্ত্ৰীয়ে লগতে কয় যে শিক্ষা সেতু প’ৰ্টেলৰ জৰিয়তে বিদ্যালয়ৰ তথ্য সংগ্ৰহ কৰা হৈছে । কিন্তু যিসমূহ বিদ্যালয়ে শিক্ষা সেতুত কোনো তথ্য আপলোড কৰা নাই, তেনে প্ৰাথমিক বিদ্যালয়ে এই অনুদান লাভ নকৰিব। শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি ৰাজ্যত ১১,৪০০খন বিদ্যালয়লৈ এই অনুদান মুকলি কৰা হোৱা নাই ।

এই সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে টুইট কৰি ক যে অসম চৰকাৰে আজি ৪০৯৭০ এলপি আৰু ইউপি বিদ্যালয়ক বিদ্যালয় অনুদান হিচাপে 96.21 কোটি টকা মুকলি কৰিছে (Assam Govt has released ₹96.21 Cr)। ১১৪৮০ খন বিদ্যালয়ক অনুদান পিছুৱাই ৰখা হৈছে কিয়নো এই বিদ্যালয়সমূহৰ কিছুমান শিক্ষকে চিক্সা সেতু পৰ্টেলত তেওঁলোকৰ কৰ্মচাৰীৰ প্ৰ’ফাইল আপডেট কৰা নাই। তেওঁলোকে আপডেট কৰাৰ পিছত, অনুদান মুকলি কৰা হ’ব।

শিক্ষামন্ত্ৰীয়ে লগতে কয় যে , যেতিয়ালৈ শিক্ষকৰ প্ৰ’ফাইল আপলোড নহ’ব তেতিয়ালৈ মুকলি কৰা নহয় এই পুঁজি(SchoolEdnAssam) । অৱশ্যে সংশ্লিষ্ট শিক্ষকক বিদ্যালয় পৰিচালনা সমিতিয়ে নিশ্চিত কৰিলেও কৰা হ’ব অনুদান মুকলি । সম্পূৰ্ণ তথ্য নজনাকৈ ধন মুকলি কৰিব নোৱাৰি। পৰৱৰ্তী পৰ্যায়ত এইসকল শিক্ষকৰ তথ্য উদ্ধাৰ কৰিবই লাগিব । এইক্ষেত্ৰত আগশাৰীৰ শিক্ষকো ওলাব পাৰে। ৰাজ্যত এইখন চৰকাৰৰ লগত ধেমালি নকৰিব। সাধাৰণ তথ্যহে বিচৰা হৈছে। তথ্য দাখিল নকৰিলে বন্ধ হ’ব দৰমহা । ৩৫,৫৮৩ গৰাকী শিক্ষকে আপলোড কৰা নাই নিজৰ প্ৰ’ফাইল। এইসকল শিক্ষকৰ তথ্য দিয়ক এছ এম চিয়ে (Samagra_Assam)।

লগতে পঢ়ক : Amarnath Yatra 2023: বতৰ উন্নত হোৱাৰ লগে লগে পহলগাম পথত পুনৰ আৰম্ভ অমৰনাথ যাত্ৰা