Local, Vocal, Global

Daily Horoscope for 11th August : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: ঘৰুৱা পৰিবেশ সুন্দৰ হ’ব ৷ যুগ্ম জীৱন সুখ সমৃদ্ধিৰে ভৰি পৰিব ৷ ধনৰ আগমন আৰু ভ্ৰমনৰ যোগ আছে ৷ ভ্ৰমনৰ বাবে উত্তম সময় যান বাহন কিনিবলৈ আগবাঢ়িব পাৰে ৷

বৃষ ৰাশি: গণেশৰ কৃপাত শৰীৰ আৰু মানসিক দিশৰ পৰা সুন্দৰ দিন ৷ নতুন কামৰ পৰিকল্পনা কৰক সফল হ’ব ৷ আপোনাৰ সফলতাত আপুনি নিজে আনন্দিত হোৱাৰ উপৰিও আনকো আনন্দিত কৰি তুলিব ৷ আপুনি কৰা আয়োজনত সকলো সন্তুষ্ট হ’ব আৰু আপোনাৰ সিদ্ধান্ত সথিক হ’ব ৷

মিথুন ৰাশি: আজি আপোনলোকৰ বাবে ভাল দিন নহয় ৷ আপোনাৰ ওপৰত পৰিবেশৰ চাপ অনুভব কৰিব আৰু সেই চাপে আপোনাৰ কামত প্ৰভাব পেলাব ৷ পেটৰ জ্বলা পোৰা আদি কষ্ট পোৱা আৰু ভাগৰুৱা অনুভব কৰিব পাৰে৷

কৰ্কট ৰাশি: অতি বেচি ভালটো কেতিয়াবা বেয়া লুকাই থাকে! আপুনি নিদ্ৰাহীনতাত ভুগিব পাৰে ৷ এই সকলোৰ পৰা পৰিত্ৰাণৰ বাবে কাজিয়া পেচালৰ পৰা আঁতৰি থাকক আৰু পত্নী বা মহিলাসংগীৰ লগত তৰ্ক বিতৰ্কৰ পৰ আঁতৰি থাকক ৷ ধৈয্য ধৰক ৷

সিংহ ৰাশি: ভাল শৰীৰ আৰু ভাল পাৰিবাৰিক সময়ে আপোনাৰ দিন শুভ কৰিব ৷ ভাগ্য উদয়ৰ দিন, ভাতৃ ভগ্নীৰ লগত তথা প্ৰেয়সীৰ লগত সময় কটোৱাৰ উত্তম সময় ৷ ভাল পোৱা ব্যক্তিৰ লগত ভ্ৰমন শুভ হ’ব ৷ আপুনি আপোনাৰ সুপ্ত প্ৰতিভাক জাগ্ৰত কৰিব পাৰে ৷

কন্যা ৰাশি: আপুনি সফলতাৰ দিশত আগবাঢ়িব আৰু প্ৰিয় সংগীৰ লগত ভ্ৰমনৰ আনন্দ লাভ কৰিব পাৰিব ৷ হাতলৈ প্ৰচুৰ ধনৰ আগমন হ’ব ৷ সকলোৰে মাজত আপুনি জিলিকি উঠিব আৰু আজি আপুনি মিঠা মাতে সকলোকে মোহিত কৰিব পাৰিব ৷

তুলা ৰাশি: কলা আৰু সাহিত্যৰ লগত জড়িত সকলৰ বাবে সুন্দৰ দিন ৷ নিজৰ বাবে বস্তু ক্ৰয় কৰিব পাৰে ৷ সুন্দৰ পোছাক বা অলংকাৰ ক্ৰয় কৰিব পাৰিব ৷ মাটি বাৰীৰ লেনদেন কৰাৰ বাবে উত্তম সময় ৷ শৰীৰ সুন্দৰ থাকিব আৰু ধনৰ আগমন লাভজনক হ’ব ৷

বৃশ্চিক ৰাশি: প্ৰিয়জনৰ লগত তৰ্ক নকৰিব যাৰ ফলত ভুল বুজাবুজিৰ উৎপত্তি হ’ব পাৰে ৷ আৰু কাজিয়াৰ সৃষ্টি হ’ব পাৰে ৷ এই সকলোবোৰে আপোনাক ভিতৰি ভাঙি পেলাব আৰু তাৰ প্ৰভাব শৰীৰ আৰু মনত পৰিব ৷

ধনু ৰাশি: আপোনাৰ বাবে এটা সৌভাগ্যশালী দিন ৷ ঘৰুৱা পৰিবেশ শান্ত থাকিব , বৈবাহিক জীৱন সুন্দৰ হ’ব আৰু অসুবিধা সহজে আঁতৰ হ’ব ৷আপোনাৰ আয় বৃদ্ধি হ’ব ৷

মকৰ ৰাশি: গ্ৰহৰ প্ৰভাব ধনৰ ওপৰত ভালদৰে পৰিছে ৷ আপোনাৰ ব্যবসায়ে আগতকৈ উন্নতিৰ মূখ দেখিছে ৷ আপোনাৰ সম্বন্ধীয় লোক , বন্ধু আৰু সমাজৰ পৰা লাভ পাব ৷ প্ৰিয়জনৰ পৰা উপহাৰ লাভ কৰিব ৷ পানী আৰু জুইৰ পৰা আতৰত থাকক ৷ কামত ঘুৰি ফুৰোতেই আজিৰ দিনটো পাৰ হৈ যাব ৷ সন্তানৰ পঢ়া শুনাৰ ওপৰত চকু ৰাখক ৷

কুম্ভ ৰাশি: আপুনি আজি বৰ সতেজ অনুভব নকৰিব আৰু সৰুসুৰা বিষ আৰু এলাহ ভাবে আপোনাক অশুবিধাত পেলাব ৷আপোনাৰ বন্ধু আৰু ঘৰুৱা পৰিবেশে আপোনাক শান্ত আৰু মানসিক ভাবে সবল কৰি তুলিব ৷

মীন ৰাশি: দিনটো প্ৰাৰ্থনা আৰু ধ্যানেৰে আৰম্ভ কৰক ৷ দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হ’ব ৷ শৰীৰৰ বিশেষ যত্ন লওক ৷ মানুহৰ লগত সাৱধানে কথা পাতক, একে ধৰণে পৰিয়ালৰ লগটো সাৱধানে চলক ৷