Local, Vocal, Global

অব্যাহত বাংলাদেশলৈ গৰুৰ চোৰাং বেহা

ভাৰত-বাংলাদেশ সীমান্তয়েদি বাংলাদেশলৈ গৰুৰ চোৰাং চালান অব্যাহত

বিএছএফৰ অভিযানত দূগৰাকী চোৰাং গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ, উদ্ধাৰ ২২৫টা গৰু

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পাৰ্শ্বৱৰ্তী ভাৰত- বাংলাদেশ সীমান্তৰ বৰাইৰ আলগাৰ ব্ৰহ্মপুত্ৰৰ মাজৰ উন্মুক্ত সীমান্তয়েদি বাংলাদেশলৈ অব্যাহত গৰুৰ চোৰাং চালান। যোৱা নিশা বৰাইৰ আলগা সীমান্ত সুৰক্ষা চকীৰ পহৰাৰত 6 বিএনবিএছএফৰ জোৱানে দুগৰাকী চোৰাং গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ৮টা গৰু বাংলাদেশলৈ চালান দিয়া অৱস্থাত উদ্ধাৰ কৰে। বিএছএফে গ্ৰেপ্তাৰ কৰা চোৰাং গৰু সৰবৰাহকাৰীদ্বয় ক্ৰমে সুখচৰ থানাৰ অন্তৰ্গত চোটকাজি গাঁৱৰ ফজলে ৰহমান আৰু আনগৰাকী কোকৰাদাঙা গাঁৱৰ বাবলু শ্বেইখ। বিএছএফে উদ্ধাৰ কৰা গৰুসহ চোৰাং গৰু সৰবৰাহকাৰীক খাৰুৱাবান্ধা আৰক্ষী চকীত চমজাই দিয়ে।

ইপিনে ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্ত চকীৰ চৰ সীমান্ত সুৰক্ষা চকীৰ ৪১নম্বৰ বিএনবিএছএফৰ জোৱানে যোৱাকালি এখন নাওসহ ১৫২টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে যোৱা নিশাও ৬৫টা গৰু বাংলাদেশলৈ চালান দিবলৈ লোৱা অৱস্থাত উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। দুদিনতে বিএছএফে দুগৰাকী চোৰাং গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ২২৫টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়।