Local, Vocal, Global

অধিক জটিল পৰিস্থিতিৰ দিশে অসম

ৰাজ্যত অব্যাহত কাল কৰ’নাৰ ভয়াৱহতা। বিগত ২৪ ঘন্টাত ৰাজ্যত পুনৰ কৰ’নাত আক্ৰান্ত ২,৭৩৯ গৰাকী। উল্লেখযোগ্য যে বৃহস্পতিবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ২,১৯৭গৰাকী ৰোগীয়ে। ইয়াৰ বিপৰীতে মৃত্যু হয় ১৮ গৰাকীকৈ লোক।
নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰত ৬৪৬ গৰাকী কামৰূপ মহানগৰৰ, ১৯৯গৰাকী ডিব্ৰুগড়ৰ,১৭৭ গৰাকী যোৰহাটৰ আৰু ২৫৯ গৰাকী লখিমপুৰৰ।

ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৩৫হাজাৰ ৮০৫ গৰাকী, সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৯,৬৮৭গৰাকী। বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৫হাজাৰ ৭০১ গৰাকী ৰোগী। ইয়াৰ বিপৰীতে ৰাজ্যত মৃত্যু হৈছে ৪১৪ গৰাকী লোকৰ।
বুধবাৰৰ দিনটোৰ ৰাজ্যৰ স্বাস্থ্য বিভাগে ৩৫,৩৬৯ গৰাকীকৈ লোকৰ স্বোৱাব পৰীক্ষাৰ কৰে। আৰু বৃহস্পতিবাৰে ৰাজ্যত আক্ৰান্তৰ হাৰ ৭.৭৪ শতাংশ।