Local, Vocal, Global

ৰাজ্যত ৩৬ হাজাৰ অতিক্ৰম কৰ’নাত আক্ৰান্তৰ সংখ্যা

ৰাজ্যত প্ৰতিদিনে আক্ৰান্ত সহস্ৰাধিক

বুধবাৰে ৰাজ্যত পুনৰ কৰ’নাত আক্ৰান্ত  ১৩৪৮ গৰাকী। নতুনকৈ আক্ৰান্ত ৩৪৮ গৰাকী গুৱাহাটী মহানগৰৰ আৰু ১২৭ গৰাকী কামৰূপ (গ্ৰাম্য)ৰ । বুধবাৰে আৰোগ্য লাভ কৰি ঘৰলৈ উভতে ১২১৪গৰাকী ৰোগীয়ে। বিগত এসপ্তাহত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে প্ৰায় ৮ সহস্ৰাধিক লোক।

২৭ হাজাৰ অতিক্ৰম ৰাজ্যত আৰোগ্য ৰোগীৰ সংখ্যা 

ৰাজ্যত বৰ্তমানলৈ আক্ৰান্ত ৰোগী ৩৬,২৯৫ গৰাকী। ৰাজ্যত বৰ্তমানলৈ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ২৭,৮৩২ গৰাকী। বৰ্তমান ৰাজ্যত ৮,৩৩২ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে। চৰকাৰী তথ্য মতে অসমত বৰ্তমানলৈ ৯২ গৰাকী ৰোগীৰ মৃত্যুৰ হৈছে। ৰাজ্যত প্ৰতিদিনে আক্ৰান্তৰ হাৰ ৭.১১ শতাংশ হোৱাৰ বিপৰীতে সুস্থতাৰ হাৰ ৭৬.৭৭ শতাংশ ।