Local, Vocal, Global

ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা

২৪ ঘন্টাত ৰাজ্যত পুনৰ আক্ৰান্ত ২৬৭৯গৰাকী

ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি কৰ’নাৰ সংক্ৰমণ। শুকুৰবাৰে ৰাজ্যত পুনৰ আক্ৰান্ত  ২৬৭৯গৰাকী। নতুনকৈ আক্ৰান্তৰ ৪৪২গৰাকী কামৰূপ মহানগৰৰ, ১৭২গৰাকী নগাঁৱৰ, ২৫০গৰাকী কাছাৰৰ, ২৬৫গৰাকী কামৰূপ (গ্ৰাম্য)ৰ। শুকুৰবাৰে ৰাজ্যত ১৫৮৫গৰাকী ৰোগী আৰোগ্য লাভ কৰি ঘৰলৈ উভতে। ৰাজ্যত শুকুৰবাৰে পুনৰ মৃত্যু ৬গৰাকী।

 

৩৮ হাজাৰ অতিক্ৰম ৰাজ্যত আৰোগ্য ৰোগীৰ সংখ্যা 

ৰাজ্যত বৰ্তমানলৈ আক্ৰান্ত ৰোগী ৫৫,৪৯৬গৰাকী। ৰাজ্যত বৰ্তমানলৈ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ৩৮,৮০৯গৰাকী। বৰ্তমান ৰাজ্যত ১৬,৫৫২গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে। চৰকাৰী তথ্য মতে অসমত বৰ্তমানলৈ ১৩২গৰাকী ৰোগীৰ মৃত্যু হৈছে। ৰাজ্য ২৪ ঘন্টাত ৫৮,৫৩১গৰাকী লোকৰ SWAB পৰীক্ষা সম্পন্ন কৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে। শুক্ৰবাৰে ৰাজ্যত আক্ৰান্তৰ হাৰ ৪.৫৭ শতাংশ।