বিগত দুদিনত মহানগৰীত সামান্য পৰিমানে হ্ৰাস পাইছে কৰ’নাৰ সংহাৰ

ৰাজ্যত পুনৰ এদিনত আক্ৰান্ত সহস্ৰাধিক
মঙলবাৰে ৰাজ্যত পুনৰ ১৩৭১ গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’নাৰ অৱস্থিতি। নতুনকৈ আক্ৰান্ত হোৱা ২৯৫ গৰাকী গুৱাহাটীৰ ইয়াৰ বিপৰীতে ২২১ গৰাকী কামৰূপ (গ্ৰাম্য)ৰ। মঙলবাৰে আৰোগ্য লাভ কৰি ঘৰলৈ উভতে ১২১৬গৰাকী ৰোগীয়ে। বিগত এসপ্তাহত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে প্ৰায় ৮ সহস্ৰাধিক লোক।
২৬ হাজাৰ অতিক্ৰম ৰাজ্যত আৰোগ্য ৰোগীৰ সংখ্যা
ৰাজ্যত বৰ্তমানলৈ আক্ৰান্ত ৰোগী ৩৪,৯৪৭ গৰাকী। ৰাজ্যত বৰ্তমানলৈ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ২৬,৬১৮ গৰাকী। বৰ্তমান ৰাজ্যত ৮,২৩৮ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে। চৰকাৰী তথ্য মতে অসমত বৰ্তমানলৈ ৮৮ গৰাকী ৰোগীৰ মৃত্যুৰ হৈছে। ক্ৰমাগত তিনি দিনে ৰাজ্যত সুস্থ সহস্ৰাধিক ৰোগী।
ৰাজ্যত বৰ্তমানলৈ ৮ লাখ লোকৰ স্বাৱ পৰীক্ষা সম্পন্ন
ৰাজ্যৰ স্বাস্থ্য বিভাগে বৰ্তমানলৈ ৮,০২,৬৭৪ লোকৰ স্বাপ পৰীক্ষা সম্পন্ন কৰিছে । মঙলবাৰে ৰাজ্যত ২২,৮৭৬ গৰাকীৰ লোক স্বাৱ পৰীক্ষা সম্পন্ন কৰে । মঙলবাৰে ৰাজ্যত আক্ৰান্তৰ হাৰ ৫.৯ শতাংশ ।