Local, Vocal, Global

Assam CM begins three-day tour to Bhutan:তিনিদিনীয়া কাৰ্যসূচীৰে ভূটানত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক,১৭ডিচেম্বৰ : তিনিদিনীয়া কাৰ্যসূচীৰে ভূটানত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ ভূটানৰ ৰাষ্ট্ৰীয় দিৱসত অংশগ্ৰহণ সপত্নীক মুখ্যমন্ত্ৰীৰ।

সোমবাৰে দিনৰ ভাগত সপত্নীক ড০ শৰ্মাই ভূটানৰ থিম্ফু বিমান বন্দৰত অৱতৰণ কৰাৰ পাছতে তেওঁক আদৰণি জনাই ভূটানৰ বৈদেশিক মন্ত্ৰী এইছ ই লিয়ংপো ডি এন ধুংগিয়েলে(Himanta becomes 1st Assam CM to visit Bhutan)।

থিম্ফুত অৱতৰণ কৰাৰ পাছতে ড০ শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই বিষয়ে অৱগত কৰে। বিমান বন্দৰত অৱতৰণ কৰাৰ পাছতে তেওঁক আদৰণি জনোৱাৰ বাবে তেওঁ বিদেশ ৰাষ্ট্ৰখনৰ বিদেশ মন্ত্ৰীগৰাকীক ধন্যবাদ জনাই। ড০ শৰ্মাই তেওঁৰ তিনিদিনীয়া ভ্ৰমণৰ সময়ত চুবুৰীয়া দেশখনৰ সৈতে ভাৰতৰ সম্পৰ্ক বৃদ্ধি কৰাৰ বাবে আশাবাদী বুলিও উল্লেখ কৰিছে।

উল্লেখ্য যে, ভূটানৰ ৰাজকীয় চৰকাৰৰ আমন্ত্ৰণ মৰ্মে মুখ্যমন্ত্ৰী ড০ শৰ্মাই দেশখনলৈ তিনিদিনীয়া ভ্ৰমণ বাবে উপস্থিত হয়। অহা ১৯ ডিচেম্বৰত তেওঁ পুনৰ স্বদেশলৈ উভতিব ড০ শৰ্মা।

লগতে পঢ়ক :Indian Embassy confirms death of 11 nationals in Georgia :জৰ্জিয়াত ১১ জন ভাৰতীয়ৰ অকাল মৃত্যু