Assam | Chapar sand syndicate: চম্পাৱতী নৈত দালাল আৰু ভূ-মাফিয়া চলাইছে বালিৰ ছিণ্ডিকেট

গুৱাহাটী: চাপৰৰ পুঠিমাৰীৰ চম্পাৱতী নৈ’ত চলিছে অবৈধ বালি খনন কাৰ্য।দিনে নিশাই একাংশ লোকে চলাই গৈছে এই খনন কাৰ্য।স্থানীয় প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাৰ সুযোগ গ্ৰহণ কৰি অবৈধভাৱে চলাই গৈছে এই খনন কাৰ্য।
ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ চক্ৰৰ অন্তৰ্গত তথা বহলপুৰ বন সংমণ্ডলৰ অধীনস্থ পুঠিমাৰীত দিনে নিশাই চম্পাৱতী নৈত চলি থকা অবৈধ বালি খননে এতিয়া ভাবুকি কঢ়িয়াই আনিছে গাৱখনলৈ।বাৰিষাকালত গৰাখহনীয়াৰ কবলত পৰি গাঁৱখন উঠি যোৱাৰ আশংকা।
উল্লেখ্য যে একাংশ অসাধু লোকে ট্ৰেক্টৰ আৰু জেচিবিৰে নদীৰ পৰা অবৈধ ভাবে বালি খনন কৰি ৰমৰমীয়া বেহা চলাই যোৱাৰ অভিযোগ।সকলো দেখি শুনি কুম্ভকৰ্ণৰ নিদ্ৰাত বহলপুৰ বন বিভাগ।স্থানীয় ৰাইজৰ দাবী অতিশ্ৰীগ্ৰে বন্ধ কৰক এই অবৈধ বালি খনন কাৰ্য।