Assam Cabinet Gives Nod To Moh-juj : ৰাজ্যিক কেবিনেটত ম’হ যুঁজক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

নিউজ ডেস্ক, ৯ ডিচেম্বৰ : অসম চৰকাৰৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্যিক কেবিনেটত ম’হ যুঁজক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত অসম চৰকাৰৰ(Assam Cabinet Gives Nod To Moh-juj) ।
অসমত পৰম্পৰাগতভাৱে ভোগালী বিহুৰ সময়ছোৱাত চলি অহা ম’হ যুঁজ বিভিন্ন কাৰণত ন্যায়ালয়ৰ এক ৰায়ৰ বাবে বন্ধ হৈ পৰিছিল । কিন্তু এই পৰম্পৰা পুনৰ ৰক্ষাৰ বাবে কেবিনেট বৈঠকে অনুমোদন জনাইছে। অৱশ্যে এই ম’হযুঁজৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰিব এছ অ’ পি(Assam Cabinet Gives Nod To Moh-juj, But With SOP In Place)।
শুকুৰবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা ম’হযুঁজ অনুষ্ঠিত কৰিব পাৰিব। পৰম্পৰাগত এই ম’হযুঁজৰ বাবে এছ অ’ পিৰ অনুমোদন জনোৱা হয়। সেই অনুসৰিয়েই এইবাৰ ম’হ যুঁজৰ বাবে এছ অ’ পি জাৰি কৰা হ’ব।
ম’হযুঁজ আদিৰ সময়ত জীৱ-জন্তুৰ ওপৰত ইচ্ছাকৃতভাবে যাতে কোনো ধৰণৰ নির্যাতন বা নিষ্ঠুৰতা সম্পন্ন নকৰা আৰু ইয়াৰ মংগলৰ ব্যৱস্থা আয়োজকসকলে নিশ্চিত কৰাটোৱেই এই এছ অ’ পিৰ লক্ষ্য হ’ব(Assam cabinet’s in-principle nod to hold traditional buffalo, bull fights: Sarma)।
ইয়াৰোপৰিও ১১ সংখ্যালঘু পৰিক্ৰমা আৰু চৰ অঞ্চলৰ সঞ্চালকালয়ৰ জৰিয়তে খিলঞ্জীয়া অসমীয়া মুছলমানৰ আৰ্থ-সামাজিক মূল্যায়ন কৰা হ’ব বুলি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে । ইয়াৰোপৰি, শিশু আৰু কিশোৰ-কিশোৰীৰ বাবে পুথিভঁৰাল আৰু ডিজিটেল আন্তঃগাঁথনি নির্মাণ আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ২৬৯.৭০ কোটি টকা ব্যয় সাপেক্ষে ২১৯৭টা গাওঁ পঞ্চায়ত আৰু ৪০০ টা মিউনিচিপাল ৱাৰ্ডত ডিজিটেল লাইব্ৰেৰী নির্মাণ কৰা হ’ব।
এই সিদ্ধান্তসমূহ ৰাজ্যখনৰ বাবে নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব বুলি আশা কৰা হৈছে(Assam cabinet gives nod to traditional buffalo fights during Magh Bihu, to issue detailed SOP to ensure no torture)।
লগতে পঢ়ক : Income Tax Department Raided : পুনৰ মহানগৰীত আয়কৰ বিভাগৰ অভিযান