Assam By-election Results 2024:পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটগণনা;৫ সমষ্টিত নিৰ্ণয় হ’ব ৩৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য
নিউজ ডেস্ক,২৩নৱেম্বৰ : আৰম্ভ হৈছে ভোট গণনা। আজি ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল৷ পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা৷ ৫ সমষ্টিত নিৰ্ণয় হ’ব ৩৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য৷ প্ৰতিটো সমষ্টিতে ১২-১৪ টা ৰাউণ্ডত ভোটগণনা হোৱাৰ সম্ভাৱনা(Assam By-election Results 2024)।
উল্লেখ্য যে, ১৩নৱেম্বৰত ৰাজ্যৰ ৫টা সমষ্টি ক্ৰমে বিহালী, চামগুৰি, ধলাই, চিদলী আৰু বঙাইগাঁও সমষ্টিত অনুষ্ঠিত হৈছিল উপ নিৰ্বাচন। এই নিৰ্বাচনৰ ফলাফলকলৈ এতিয়া ৰাজ্যজুৰি চৰ্চিত হৈছে। কোনে মাৰিব শেষ হাঁহি, কাৰ দখললৈ যাব কোন সমষ্টি। ইয়াৰ মাজতে বিশেষভাৱে চৰ্চিত হৈছে চামগুৰি সমষ্টিৰ নাম।
কিয়নো চামগুৰি সমষ্টিত ৰকিবুল তনয় তানজিল হুছেইনে কংগ্ৰেছৰ সমৰ্থন আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। তাৰোপৰি বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মাই এই সমষ্টিটোৰ পৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।
এতিয়া অপেক্ষা মাথো সন্ধিয়া লৈ…