Local, Vocal, Global

Remedies To Relieve Constipation : আপুনি বাৰু কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগিছে নেকি ? যদি ভুগিছে তেন্তে খাওক এইসমূহ খাদ্য

আপোনাৰ বাৰু কোষ্ঠকাঠিন্যৰ সমস্য়া আছে নেকি ? আজি কালি প্ৰায় মানুহৰ কোষ্ঠকাঠিন্যৰ সমস্য়া হোৱা দেখা যায় । দৈনিক খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ বাবে আমি এই সমস্যাৰ সন্মুখীন হও(Fast Constipation Relief) ।

ৰাতিপুৱা পেটটো ভালদৰে চাফা নোহোৱাৰ বাবে পুৱা সাৰ পোৱাৰ ঠিক পিছতেই কোষ্ঠকাঠিন্যৰ সমস্যা আৰম্ভ হয় ৷ যেতিয়া পেটত অশান্তিৰ সৃষ্টি হয় তেতিয়া দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজ কৰাটো কঠিন হৈ পৰে ৷ যদি আপুনিও এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেন্তে আপোনাৰ জীৱনশৈলী সলনি কৰিব লাগিব আৰু লগতে খাদ্য-পানীয়ৰ অভ্যাসো সলনি কৰিব লাগিব(Remedies To Relieve Constipation) ৷

কোষ্ঠকাঠিন্যৰ পৰা পৰিত্ৰাণ পাবলৈ কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে জানো আহক(Are you Worried About Constipation in the Morning Know Easy Ways to Clean Your Stomach)

নেমুৰ পানী
নেমুৰ ৰসৰ খালে আমি কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা সমাধান পাব পাৰো । নেমুৰ পানী খালে আমাৰ পেটটোৱে যথেষ্ট সকাহ অনুভৱ কৰে, কাৰণ ই কেৱল শৰীৰক শীতল কৰাই নহয় শৰীৰৰ পৰা বিষাক্ত পদাৰ্থও আঁতৰ কৰে ৷ পেটৰ সমস্যা অনুভৱ কৰিলে নেমুৰ ৰস এগিলাচ গৰম পানীত চেপি তাৰ পিছত তাত মৌ দি খাব ৷

দৈ
দৈৰ শীতল প্ৰভাৱ আছে আৰু ইয়াক আমাৰ পেটৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ আমাৰ পেটত ভাল বেক্টেৰিয়া আহিলেহে কোষ্ঠকাঠিন্যৰ সমস্যা সমাধান হ’ব ৷ এই গাখীৰৰ সামগ্ৰীত প্ৰ’বায়’টিক পোৱা যায় যিয়ে হজম শক্তিত সহায় কৰে ৷ যিসকল লোকৰ পাচনতন্ত্ৰ সুস্থ নহয়, তেওঁলোকে দৈ খোৱাটো উচিত ৷

আঁহ ভিত্তিক খাদ্য
আঁহ ভিত্তিক খাদ্যক পেটৰ বাবে উৎকৃষ্ট বুলি গণ্য কৰা হয় কাৰণ ই হজম শক্তি উন্নত কৰাত সহায় কৰে ৷ যদি আপুনি ৩০ৰ পৰা ৩৫ গ্ৰাম এই পুষ্টিকৰ পদাৰ্থ সেৱন কৰে তেন্তে কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় ৷ আঁহ ভিত্তিক খাদ্য দৈ ত্ৰিফলা নেমু পানী ৷

ত্ৰিফলা
ত্ৰিফলাক আয়ুৰ্বেদৰ সম্পদ বুলি গণ্য কৰা হয়, ত্ৰিফলা হৈছে ভাৰতত যুগ যুগ ধৰি ব্যৱহাৰ হৈ অহা এক পৰম্পৰাগত আয়ুৰ্বেদিক ঔষধ ৷ আমলখি, শিলিখা আৰু ভোমোৰা ফলৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয় ত্ৰিফলা ৷ যদি আপুনি গৰম পানীত ত্ৰিফলা এচামুচ মিহলাই নিশা শুবলৈ যোৱাৰ আগতে পান কৰে, তেন্তে পুৱা পেট পৰিষ্কাৰ কৰাত কোনো সমস্যা নহয় ৷