Local, Vocal, Global

Assam based journalist joins ULFA-I : পুনৰ আলফা (স্বাঃ)ত যোগদান অসমৰ যুৱকৰ

নিউজ ডেস্ক, ৬ ডিচেম্বৰ : পুনৰ আলফা (স্বাঃ)ত যোগদান অসমৰ যুৱকৰ । সামজিক মাধ্যমত এক পোষ্টত এই কথা জনালে যুৱকজনে ।

এইবাৰ ডিব্ৰুগড় জিলাৰ নাহৰকটিয়াৰ এগৰাকী সাংবাদিকে আলফা (স্বাঃ)ত যোগদান কৰা বুলি জানিব পৰা গৈছে(Dibrugarh youth willingly joins Ulfa) ।

জানিব পৰা মতে, ডিব্ৰুগড় জিলাৰ অন্তৰ্গত নাহৰকটিয়াৰ এগৰাকী সাংবাদিকে নিষিদ্ধ উগ্ৰপন্থী সংগঠন ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অফ আছম (উলফা-আই)ত যোগদান কৰাৰ খবৰ আহিছে। আলফা(স্বাঃ)ত যোগদান কৰা যুৱকজন বিদ্যুৎ মহন্ত বুলি জানিব পৰা গৈছে । বিদ্যুৎ মহন্ত স্থানীয় দৈনিক কাকতত কাম কৰিছিল(Assam based journalist joins ULFA-I) ।

সাংবাদিকজনে ফেচবুকত অসমীয়াত এটা দীঘলীয়া পোষ্ট লিখি নিষিদ্ধ উগ্ৰপন্থী সংগঠনটোত যোগদানৰ কথা প্ৰকাশ কৰে। সাংবাদিকগৰাকীয়ে আলফা (স্বাঃ)ত যোগদান কৰাৰ পিছতে পৰিয়ালৰ লগতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে(Assam based journalist joins ULFA-I, shares message of joining in a long Facebook post) ।

উল্লেখ্য যে , বিগত কেইদিনমান পূৰ্বে পোহৰলৈ আহিছিলৱ আলফা(স্বাঃ)ৰ শিবিৰত মৃত্যুদণ্ড দিয়াৰ কথা ৷ পাঠশালাৰ যুৱক বিভাকৰ কলিতাক আলফা(স্বা)য়ে ম্যানমাৰৰ শিবিৰত মৃত্যুদণ্ড দিয়া বুলি পৰিয়ালৰলোকে জনাইছিল।আলফা (স্বাঃ)ৰ শিবিৰত যুৱক-যুৱতীক মৃত্যুদণ্ড দিয়াৰ খবৰ ৰাজহুৱা হোৱাৰ পাছতে পুনৰ পোহৰলৈ আহি আছে অসমীয়া যুৱকৰ আলফা(স্বা)ত যোগদানৰ ঘটনা( shares message of joining in a long Facebook post) ।

লগতে পঢ়ক : Revanth Reddy Swearing in Ceremony : বৃহস্পতিবাৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৰেৱন্ত ৰেড্ডীয়ে