Local, Vocal, Global

Assam ACB arrest 2 PDD employee in bribery case : নিজৰ চৰকাৰী দৰমহাৰে পেট নভৰে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ

নিউজ ডেস্ক,১১মে’ : ৰাজ্যত প্ৰতিদিনে উৎকোচ হাতে দাঙে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে । হাত দঙাৰ প্ৰতিযোগিতা চলিছে যেন ৰাজ্যত । নিজৰ চৰকাৰী দৰমহাৰে পেট নভৰে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ । নিতৌ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিও একাংশ লোভীয়া কৰ্মচাৰীয়ে লোভ এৰিব পৰা নাই(Assam ACB arrest 2 PDD employee in bribery case) ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি দুৰ্নীতিমুক্ত অসম গঢ়াৰ যি প্ৰচেষ্টা, সেয়া যেন সপোন হৈয়ে ৰ’ব ৷ ৰাজ্যত নিতৌ গ্ৰেপ্তাৰ হৈ আছে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী।

এইবাৰ দুৰ্নীতি নিবাৰণ শাখাৰ জালত পৰিল শক্তি বিভাগৰ ২ কৰ্মচাৰী।শনিবাৰে চামগুৰিত দুৰ্নীতি নিবাৰকৰ জালত শক্তি বিভাগৰ কৰ্মচাৰী।

জানিব পৰা মতে, বে-আইনীভাৱে বিদ্যুৎ সংযোগৰ নামত ২ কৰ্মচাৰীয়ে লৈছিল উৎকোচ। বে-আইনীভাৱে বিদ্যুৎ সংযোগৰ নামত ৭ হাজাৰ টকা লৈছিল । উৎকোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰণ শাখা । গ্ৰেপ্তাৰ কৰা কৰ্মচাৰী দুজন মিণ্টু বৰা, ভাস্কৰজ্যোতি শৰ্মা বুলি জানিব পৰা গৈছে।

বৰ্তমান দুয়োকে চামগুৰিত জেৰা অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰকে।

লগতে পঢ়ক : Flooding Kills Dozens in Afghanistan : ভয়ংকৰ বানৰ কৱলত উত্তৰ আফগানিস্তান;নিহত মহিলা,শিশুসহ ৫০গৰাকী