গৰাখহনীয়াত দিশহাৰা ৰাজ্যৰ ৯৪,৫০৪ টাকৈ পৰিয়াল

এফালে কৰ’না মহামাৰী ৷ আনফালে বানৰ সংহাৰী ৰূপ ৷ তাৰ মাজতে গৰাখহনীয়াই ধাৰণ কৰিছে কালৰূপ ৷ এই পৰ্যন্ত ৰাজ্যৰ ২৫৬ খন গাঁও সম্পূর্ণৰূপে নিশ্চিহ্ন হৈ গৈছে ৷ ভেটি-মাটিৰ সংকটত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক ৷ প্ৰায় ৯৪,৫০৪ টাকৈ দুৰ্ভগীয়া পৰিয়ালে মাটি-ভেটি হেৰুওৱাই আশ্ৰয় ল’বলগীয়া হৈছে ৰাজপথৰ দাঁতিত বা মথাউৰিৰ ওপৰত ৷ উল্লেখ্য দিল্লী আৰু দিছপুৰৰ দীৰ্ঘদিনীয়া অৱহেলাৰ পৰিণতিত অসমত গৰাখহনীয়াই ধাৰণ কৰিছে কালৰূপ ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এই সমস্যাটোৰ ক্ষেত্ৰত কোনো স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷