Local, Vocal, Global

Dhing News: বনগাহৰিৰ পাছত এইবাৰ ধিঙত অচিন বিষাক্ত পোকৰ সন্ত্ৰাস

ধিং,৩০নৱেম্বৰ : বনগাহৰিৰ পাছত এইবাৰ ধিঙত অচিন বিষাক্ত পোকৰ সন্ত্ৰাস। বিষাক্ত পোকৰ উপদ্ৰৱত নিদ্ৰা হৰিছে ধিঙবাসীৰ । ধিঙত বিষাক্ত পোকৰ দংশনত ইতিমধ্যে এজনৰ মৃত্যু হৈছে । বৰ্তমানলৈকে এই বিষাক্ত পোকৰ দংশনত আক্ৰান্ত হৈছে প্ৰায় ১৫ জনতকৈ অধিক লোক । বৰ্তমান সমগ্ৰ ধিং অঞ্চলত এই বিষাক্ত পোকৰ আতংক অব্যাহত আছে(Dhing News)।

যোৱা কেইবাদিন ধৰি ধিং আঠগাঁৱত অব্যাহত থকা বিষাক্ত পোকৰ উপদ্ৰৱৰ পিচত আজি ধিং এফ আৰ ইউ কৰ্তৃপক্ষই ধিং আঠগাঁৱৰ সুঁতিপাৰৰ প্ৰগতি পুঠিভৰালত এক স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে৷চিকিৎসক সহ আজি পুৱাই ধিং আঠগাঁৱত ৮জনীয়া স্বাস্থ্যকৰ্মীৰ দল উপস্থিত হৈ আক্ৰান্ত লোকৰ স্বাস্থ্যপৰীক্ষা কৰি ঔষদ প্ৰদান কৰাৰ লগতে যাৱতীয় পৰামৰ্শ আগবঢ়াই৷ য’ত নিজৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ উলাই আহিল ৯০ বছৰীয়া বৃদ্ধা মহিলা৷

এই বিষাক্ত পোকবিধ ধিঙত ক্ৰমাৎ বৃদ্ধি পোৱা বন গাহৰিৰ পৰাই উদ্ভৱ হোৱা বুলি চিকিৎসকে সন্দেহ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক:Asom Divas 2024: আজিও অৱহেলিত অসমীয়া জাতিৰ জনক স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ মৈদাম