Watch | Ashraful Hussain: ‘নীৰিহ মিঞা মুছলমানৰ ওপৰত একাংশ দল সংগঠনে কাপুৰুষৰ দৰে অত্যাচাৰ চলাইছে’
নগৰবেৰা : শিৱসাগৰকে ধৰি উজনি অসমৰ বিভিন্ন প্ৰান্তত মিঞা মুছলমান লোকৰ ওপৰত চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনে। নীৰিহ মিঞা মুছলমান লোকৰ ওপৰত একাংশ দল সংগঠনে কাপুৰুষৰ দৰে চলোৱা এনে অত্যাচাৰ ৰাজ্যৰ পুলিচ প্ৰশাসনে দেখি শুনিও কোনো ব্যৱস্থা গ্ৰহন কৰা নাই।
বিধায়ক গৰাকীয়ে তীব্ৰ ক্ষোভ ব্যক্ত কৰি কয়- ৰাজ্যৰ পুলিচ প্ৰশাসন হিমন্ত বিশ্ব শৰ্মাৰ গোলাম হৈ পৰিছে । নিজৰ ব্যক্তিস্বাৰ্থ আৰু ৰাজনৈতিক স্বাৰ্থৰ বাবেই আজি তেওঁ মুছলমান লোকৰ ওপৰত এনেদৰে অত্যাচাৰ চলাইছে বুলি কয় বিধায়ক আশ্ৰাফুল হুছেইনে। ৰাজ্যৰ নীৰিহ মুছলমান লোকৰ ওপৰত চলোৱা অত্যাচাৰৰ বাবেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত অভিশাপ লাগিব বুলিও কয় বিধায়ক গৰাকীয়ে। মঙলবাৰে চেঙাৰ খোলাবান্ধা অঞ্চলত কেইবাটাও উন্নয়ণমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিবলৈ আহি এনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিধায়ক আশ্ৰাফুল হুছেইনে।