Asam Sahitya Sabha : শিক্ষাবিদ ড০ অনিল শইকীয়াক অসম সাহিত্য সভাৰ উপ-সভাপতি পদত প্ৰক্ষেপ

নিউজ ডেস্ক,১৩অক্টোবৰ : শিক্ষাবিদ ড০ অনিল শইকীয়াক অসম সাহিত্য সভাৰ উপ-সভাপতি পদত প্ৰক্ষেপ । শিৱসাগৰ আৰু চৰাইদেউ জিলা সাহিত্য সভাই সৰ্বসন্মতিক্ৰমে বিশিষ্ট লোক সংস্কৃতিৰ সাধক তথা শিক্ষাবিদ ড০ অনিল শইকীয়াক অসম সাহিত্য সভাৰ উপ-সভাপতি পদত প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
উল্লেখ্য যে, বিশিষ্ট শিল্পী ড০ শইকীয়া সংগীত নাটক একাডেমী ভাৰত চৰকাৰৰো প্ৰতিনিধি। অসমৰ লোক সংস্কৃতি ক্ষেত্ৰখনলৈ তেওঁ যিদৰে অৱদান আগবঢ়াইছে ঠিক সেইদৰেই তেওঁ অসমৰ সাহিত্য ক্ষেত্ৰখনলৈয়ো বহু অৱদান আগবঢ়াইছে( Asam Sahitya Sabha)।
তেওঁ এগৰাকী নাট্যকাৰ, ঔপন্যাসিক, কবি তথা গল্পকাৰ হিচাপেও পৰিচিত। তাৰোপৰি তেওঁ এগৰাকী গীতিকাৰ হিচাপেও বিখ্যাত। ১৯৫৫ চনৰ ১ আগষ্টত জন্মগ্ৰহণ কৰা ড০ শইকীয়াৰ কেইখনমান গ্ৰন্থ হৈছে অসমীয়া সংগীতৰ ক্ৰম বিকাশ, বিজুলী শক্তিৰ কাহিনী, ইলা বৰগোঁহাইৰ ৰচনাৱলী, কুৰিখন নাটক, সংগীত আৰু নাটকত সংগীত, প্ৰতীক্ষাৰে, মাটিৰ মানুহৰ মনৰ মানুহ হেম বুঢ়াগোহাঞি, ঈশ্বৰৰ সন্ধানত হামিদ গ্ৰেবিয়েল ইত্যাদি, Human Mortality in Assam, Population Growth in Assam 1951-1991 with Focus on Migration আদি।
লগতে পঢ়ক :Huge quantity of spurious liquor seized in Lanka : লংকাত জব্দ বৃহৎ পৰিমাণৰ মেঘালয়ৰ বিলাতী সুৰা