Huge quantity of spurious liquor seized in Lanka : লংকাত জব্দ বৃহৎ পৰিমাণৰ মেঘালয়ৰ বিলাতী সুৰা
নিউজ ডেস্ক,১৩অক্টোবৰ : দুৰ্গা পূজাৰ আনন্দ উল্লাহৰ মাজতে ৰাজ্যত অব্যাহত আছে অবৈধ বিলাতী সুৰাৰ সৰবৰাহ।
শনিবাৰে গুৱাহাটীৰ পৰা চুবুৰীয়া ৰাজ্য মণিপুৰলৈ অবৈধভাৱে বিলাতী সুৰা সৰবৰাহ কৰাৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ হাতত জব্দ বিলাতী সুৰা।
উল্লেখ্য যে, লংকাৰ উদালী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি লংকা-লামডিং সংযোগী চাৰি লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত বিলাতী সুৰা জব্দ কৰে। গুৱাহাটীৰ পৰা মণিপুৰলৈ মেঘালয়ত প্ৰস্তুত কৰা সুৰা অবৈধভাৱে সৰবৰাহৰ চেষ্টা কৰিছিল।সৰবৰাহকাৰীয়ে অবৈধ সুৰাখিনি এখন বলেৰ’ পিক আপভেন কঢ়িয়াই আনিছিল। আৰক্ষীয়ে বাহনখনৰ পৰা মুঠ ৫২ কাৰ্টুন সুৰা জব্দ কৰিছে(Huge quantity of spurious liquor seized in Lanka)।
জানিব পৰা মতে বলেৰ’ পিক আপ ভানখনত আলু, পিঁয়াজৰ তলত লুকুৱাই আনিছিল এই সুৰাখিনি। সুৰাৰ বটলসমূহ আছিল মিঠাতেলৰ কাৰ্টুনত।
ইতিমধ্যে,আৰক্ষীয়ে বলেৰ’ পিকআপখনৰ দুই চালক হিবজুৰ ৰহমান আৰু চুলতান আহমেদক আটক কৰিছে। অবৈধ বিলাতী সুৰা সৰবৰাহ কৰা বাহনখনৰ পঞ্জীয়ন নম্বৰ হৈছে AS 33C- 0755। বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
লগতে পঢ়ক :Maharashtra ex-minister and NCP leader shot dead : প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীক গুলীয়াই হত্যা