Local, Vocal, Global

Arvind Kejriwal’s Challenge To HC’s Stay On Bail : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উচ্চতম ন্যায়ালয়তো নাপালে সকাহ

নেশ্যনেল ডেস্ক,২৪জুন : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উচ্চতম ন্যায়ালয়তো নাপালে সকাহ ।

উল্লেখ্য যে, কেজৰিৱালৰ জামিনৰ নিৰ্দেশৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছিল দিল্লী উচ্চ ন্যায়ালয়ে। সেই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল কেজৰিৱালে। কিন্তু কেজৰিৱালৰ আবেদনৰ শুনানি পিছুৱাই দিলে ন্যায়ালয়ে(Enforcement Directorate opposes relief to Arvind Kejriwal)।

খবৰ অনুসৰি বিগত ২০ জুনত আবকাৰী কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল আৰু গ্ৰেপ্তাৰ পিছত কেজৰিৱালৰ জামিন মঞ্জুৰ কৰিছিল দিল্লীৰ এখন নিম্ন আদালতে। সেই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত আবেদন কৰে ইডিয়ে।

কেন্দ্ৰীয় সংস্থাটোৰ আবেদনৰ ভিত্তিত নিম্ন আদালতৰ নিৰ্দেশৰ ওপৰত স্থগিতাদেশ জাৰি কৰে উচ্চ ন্যায়ালয়ে। ফলত কেজৰিৱালৰ জে’লৰ পৰা মুক্তি সম্ভৱ হৈ নুঠিল। নিম্ন আদালতৰ নিৰ্দেশক একপক্ষীয় বুলি অভিযোগ কৰিছে ইডিয়ে(Arvind Kejriwal’s Challenge To HC’s Stay On Bail)।

লগতে পঢ়ক : Council of ministers takes oath as Parliament session begins : আজিৰে পৰা অষ্টাদশ লোকসভাৰ বিশেষ অধিৱেশন ;নৱনিৰ্বাচিত সাংসদসকলৰ শপত গ্ৰহণ