Local, Vocal, Global

অৰুণাচল: ৰাজ্য চৰকাৰে ২৫ খন জিলাত PMGSY অধীনত ১৯২ টা পথ প্ৰকল্পৰ অনুমোদন জনাইছে

অৰুণাচল প্ৰদেশৰ আন্তঃগাঁথনিৰ এক গুৰুত্বপূৰ্ণ উন্নয়নত, ৰাজ্যখনৰ ২৫ খন জিলাক সামৰি প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ তৃতীয় পৰ্যায়ৰ (PMGSY-III) অধীনত মুঠ ১৯২ টা পথ অনুমোদন জনোৱা হৈছে।

বাতৰি অনুসৰি, অৰুণাচল প্ৰদেশ চৰকাৰে শুকুৰবাৰে আনুষ্ঠানিকভাৱে আঁচনিখনৰ অনুমোদনৰ কথা ঘোষণা কৰে। মুখ্য সচিব নৰেশ কুমাৰৰ দ্বাৰা পৰিচালিত ৰাজ্যিক পৰ্যায়ৰ স্থায়ী সমিতিৰ (SLSC) বৈঠকত এই অনুমোদন জনোৱা হৈছিল।

প্ৰতিবেদন অনুসৰি, সমিতিখনে ১,৩৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১৯২ টা পথ নিৰ্মাণৰ বাবে অনুমোদন জনাইছে যিয়ে ৰাজ্যখনৰ ২৫ খন জিলাৰ ৭৮ টা খণ্ড সামৰি ল’ব।

PMGSY-III ৰ অধীনত পথ প্ৰকল্পবোৰ যোগ্যতাৰ চৰ্তৰ ওপৰত আধাৰিত কৰি অগ্ৰাধিকাৰৰ ওপৰত গ্ৰহণ কৰা হ’ব। কেন্দ্ৰই ২০২৫ চনৰ মাৰ্চৰ ভিতৰত PMGSY-III পথসম্পূৰ্ণ হোৱাৰ তাৰিখ নিৰ্ধাৰণ কৰিছে। মুখ্য সচিবে গ্ৰাম্য নিৰ্মাণ বিভাগক (RWD) কেন্দ্ৰৰ সময়সীমাৰ এবছৰ আগতে ২০২৪ চনৰ মাৰ্চৰ ভিতৰত ৰাস্তাবোৰ সম্পূৰ্ণ কৰাৰ কাম বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিছিল।

ইফালে, পিডব্লিউডি(PWD) আয়ুক্ত কলিং তায়েং, অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক (PCCF) কে বি সিং, আয়ুক্ত পদ্মিনী সিংলা, বিত্ত সচিব ৱাই ডব্লিউ ৰিঙ্গু, গ্ৰামোন্নয়ন সচিব অমৰনাথ তালৱাদে, আৰডব্লিউডি সচিব এন টি গ্লো, PMGSY ৰ মুখ্য অভিযন্তা ডি নিয়োডু আৰু বিআৰঅ’ৰ(BRO) বিষয়াসকলে এই কৌশলগত বৈঠকত অংশগ্ৰহণ কৰে ।