গুৱাহাটীত শেষ নিশ্বাস ত্যাগ অৰুণাচল প্ৰদেশৰ বিজেপি বিধায়ক জাম্বে তাছিৰ
ডিজিটেল ডেস্কঃ দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি শেষ নিশ্বাস ত্যাগ কৰিলে অৰুণাচলৰ বিজেপি বিধায়ক জাম্বে তাছিয়ে।
বুধবাৰে গুৱাহাটীৰ ডাউটটাউন হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে চুবুৰীয়া ৰাজ্যখনৰ ৩ বাৰৰ বিধায়কগৰাকীৰ।
২০১৯ৰ অৰুণাচলৰ বিধানসভা নিৰ্বাচনত লুমলা সমষ্টিৰ পৰা বিজেপিৰ টিকতত জয়লাভ কৰা জাম্বে তাছিয়ে পূৰ্বে কংগ্ৰেছৰ হৈ একেটা সমষ্টিৰ পৰা দুবাৰকৈ জয়লাভ কৰিবলৈ সক্ষম হৈছিল।
এগৰাকী জনপ্ৰতিনিধিৰূপে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা জাম্বে তাছিৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে অৰুণাচলৰ ৰাজনৈতিক মহল।
অৰুণাচল প্ৰদেশ চৰকাৰে টুইটযোগে বিধায়কগৰাকীৰ মৃত্যু নিশ্চিত কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
উল্লেখ্য যে, ১৯৯১ চনত টাৱাঙৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত একেখন বিদ্যালয়ৰ পৰা দ্বাদশ শ্ৰেণীও উত্তীৰ্ণ হৈছিল জাম্বে তাছিয়ে।
তাৰ পিছতে তেওঁ দিল্লীৰ জাকিৰ হুছেইন কলেজ ইউনিভাৰ্চিটিৰ পৰা তেওঁ ১৯৯৭ চনত স্নাতক ডিগ্ৰী সম্পন্ন কৰি ৰাজনীতিৰ সৈতে জড়িত হৈ পৰে।