Local, Vocal, Global

ভাৰত জোড়ো যাত্ৰাত এইবাৰ ৰাহুল গান্ধীৰ সৈতে খোজত খোজ মিলালে পূজা ভাটে…

নিউজ ডেস্কঃ জনতাৰ অভূতপূৰ্ব সঁহাৰিৰে আজি ৫৬ দিন অতিক্ৰম কৰিছে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই। দক্ষিণ ভাৰতৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাক প্ৰতি দেখা গৈছে সাধাৰণ জনতাৰ বিপুল সঁহাৰি।

কংগ্ৰেছ নেতা তথা ৱায়ানাডৰ সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত অব্যাহত থকা ভাৰত জোড়ো যাত্ৰাৰ সৈতে ইতিমধ্যে চামিল হৈছে বহু বিশিষ্ট ব্যক্তি। যাত্ৰাৰ সময়ৰ ভাইৰেল হৈ পৰা বহু ফটো-ভিডিঅ’ই মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ লগতে বিজেপিক শ’লঠেকত পেলোৱা পৰিগণিত হৈছে।

ভাৰত জোড়ো যাত্ৰাৰ সময়তে বুধবাৰে ৰাহুল গান্ধীৰ সৈতে খোজ কাঢ়ি যাত্ৰাত ভাগ ল’লে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী, ছবি প্ৰযোজক পূজা ভাটে।

যাত্ৰাত যোগদান কৰা বলীউডৰ প্ৰথমগৰাকী অভিনেত্ৰী পূজা ভাটে ৰাহুল গান্ধীৰ সৈতে খোজ কাঢ়ি থকাৰ ফটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে, ছ’চিয়েল মিডিয়াত সক্ৰিয় অভিনেত্ৰী-পৰিচালক-প্ৰযোজকগৰাকীয়ে পূৰ্বে বিভিন্ন সামাজিক বিষয়ত মাত মাতি আহিছে।

১৯৮৯ চনত মুক্তি পোৱা “ডেডী” ছবিৰ জৰিয়তে বলীউডত ভৰি দিয়া পূজা ভাটে কেইবাখনো হিট ছবিত অভিনয় কৰিছিল।

প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা মহেশ ভাটৰ কন্যা পূজাই ছবি প্ৰডাকচনত খোজ দিয়াৰ পূৰ্বে “দিল হ্যে কি মানতা নহী”, “সড়ক”, “ফিৰ তেৰী কাহানী য়াদ আয়ী”, “ছৰ” আৰু “জখম” আদি চিনেমাত সমালোচকৰ প্ৰশংসিত অভিনয় কৰিছিল।

ইপিনে তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা ৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা বৰ্তমান উপস্থিত হৈছে তেলেংগানাত। বুধবাৰে হায়দৰাবাদ চহৰৰ বালানগৰ মেইন ৰোডৰ এম জি বি বাজাজ শ্ব’ৰুমৰ পৰা পুনৰ যাত্ৰা আৰম্ভ হয়।