স্কুলত নিশা কটালে অৰ্ণৱ গোস্বামীয়ে, কিন্তু কিয়?
ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে কাৰাবন্দিত্বৰ প্ৰথম নিশা কটালে আলিবাগৰ এখন স্কুলত। কৰ’নাসৃষ্ট পৰিস্থিতিৰ বাবে মূল কাৰাগাৰৰ পৰিৱৰ্তে এখন অস্থায়ী কাৰাগাৰত বন্দী অৰ্ণৱ গোস্বামী। মহাৰাষ্ট্ৰত কৰ’নাৰ বাবে কাৰাবন্দীসকলক প্ৰথমে অস্থায়ী কাৰাগাৰত কোৱাৰেণ্টাইন কৰা হয়। সেই ব্যৱস্থা মতেই অৰ্ণৱ গোস্বামীক ৰখা হৈছে আলিবাগৰ এখন স্কুলত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰত। কাৰাগাৰত কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ মহাৰাষ্ট্ৰৰ ২৩খন নগৰ-চহৰত ৩০খনকৈ অস্থায়ী কাৰাগাৰ গঢ়ি তোলা হৈছে। চৰকাৰী অতিথিশালা, বিদ্যালয়, হোষ্টেল আৰু কেইখনমান কলেজত নতুন কাৰাবন্দীসকলক প্ৰথম ১৪ দিন ৰখাৰ ব্যৱস্থা কৰা হৈছে। বিগত মে’ মাহত মুম্বাইৰ আৰ্থাৰ ৰোড জে’লত ১৫৮জন কাৰাবন্দী আৰু ২৮জন কাৰাগাৰ কৰ্মচাৰী ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পিছতে অস্থায়ী কাৰাগাৰৰ ব্যৱস্থা কৰা হয়।