Local, Vocal, Global

Somali forces kill 23 al Shabab terrorists: ২৩ টা আল-ছাবাব সন্ত্ৰাসবাদীক হত্যা

ইন্টাৰনেশ্যনেল ডেস্ক,১৩ আগষ্ট : ২৩ টা আল-ছাবাব সন্ত্ৰাসবাদীক হত্যা।দেশৰ দক্ষিণ প্ৰান্তত ছোমালিয়া ৰাষ্ট্ৰীয় সেনাই ২৩ টা আল-ছাবাব সন্ত্ৰাসবাদীক হত্যা কৰে(Army kills 23 al Shabab terrorists in Somalia)।

শনিবাৰে ছোমালিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি , উপসাগৰীয় অঞ্চলৰ বুলা-ফুলেতত তিনিটা সামৰিক অভিযান চলোৱা হয় । য’ত ছোমালিয়া ৰাষ্ট্ৰীয় সেনাই তিনিটা আল-ছাবাবৰ ঘাটি ধ্বংস কৰে(Somali forces kill 23 al Shabab terrorists) ।

ছোমালিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে এক বিবৃতিত কয় যে, “দুজন কমাণ্ডাৰকে ধৰি ২৩ টা সন্ত্ৰাসবাদীক নিৰ্মূল কৰা হৈছে । লক্ষ্যৰ ভিতৰত আছিল চেকপইণ্ট, বিস্ফোৰক সংগ্ৰহৰ বাবে গেৰেজ আৰু নেতাসকলে ব্যৱহাৰ কৰা প্ৰশাসনিক কাৰ্যালয় ।”

এক সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি, জুন মাহত সমাপ্ত হোৱা এটিএমআইএছৰ সৈন্য প্ৰত্যাহাৰৰ প্ৰথম পৰ্যায়ৰ সন্দৰ্ভত যৌথ কাৰিকৰী মূল্যায়ন চলাবলৈ সাজু হৈছে ৷ আফ্ৰিকান ইউনিয়ন ট্ৰেঞ্জিচন মিছন ইন ছোমালিয়া (এটিএমআইএছ) আৰু ইয়াৰ অংশীদাৰসকলে প্ৰস্তুতি চলাইছে (Somali forces kill 23 al Shabab terrorists in operation) ।

২০২২ চনত ৰাষ্ট্ৰপতি হাছান শ্বেখ মহমদে উগ্ৰপন্থীৰ বিৰুদ্ধে সৰ্বাত্মক যুদ্ধ ঘোষণা কৰাৰ পিছৰে পৰা আল-ছাবাব সংগঠনটোৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ছোমালিয়া চৰকাৰী বাহিনীয়ে আক্ৰমণ অব্যাহত ৰাখিছে । ৰাষ্ট্ৰপতিগৰাকীয়ে আল-ছাবাবৰ সকলো উগ্ৰপন্থীক তেওঁলোকৰ দুৰ্গম অঞ্চলৰ পৰা উলিয়াই অনাৰ প্ৰতিশ্ৰুতি দিছে ৷ যাতে জনসাধাৰণক সুৰক্ষা প্ৰদান কৰিব পৰা যায় আৰু দেশখনত উগ্ৰবাদৰ প্ৰসাৰ বন্ধ হয় ।

শনিবাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, বে অঞ্চলৰ বুলা-ফুলেত এই তিনিটা সামৰিক অভিযান চলোৱাৰ সময়ত জোৱানসকলে আল-ছাবাবৰ তিনিটা ঘাটি ধ্বংস কৰে।

মন্ত্ৰালয়ে এক চমু বিবৃতিত কয় যে, “দুজন কমাণ্ডাৰকে ধৰি ২৩টা সন্ত্ৰাসবাদীক নিৰ্মূল কৰা হৈছে। লক্ষ্যৰ ভিতৰত আছিল চেকপইণ্ট, বিস্ফোৰক সংগ্ৰহৰ বাবে গেৰেজ আৰু নেতাসকলে ব্যৱহাৰ কৰা প্ৰশাসনিক কাৰ্যালয়।”
ছিনহুয়া সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি, জুন মাহত সমাপ্ত হোৱা এটিএমআইএছৰ সৈন্য প্ৰত্যাহাৰৰ প্ৰথম পৰ্যায়ৰ ওপৰত যৌথ কাৰিকৰী মূল্যায়ন চলাবলৈ সাজু হোৱাৰ সময়তে শেহতীয়া সামৰিক অভিযান সংঘটিত হৈছে(Somali forces kill 23 al Shabab militants in planned operation)।

লগতে পঢ়ক :Road Accident in Rajasthan: ৰাজস্থানৰ জয়ছালমেৰ জিলাত শোকাৱহ দুৰ্ঘটনা