Local, Vocal, Global

ভাৰতত সক্ৰিয় হৈ উঠিছে হিন্দুত্ব বিৰোধী শক্তি!

নিউজ ডেস্ক : সনাতনী হিন্দুত্বৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে তৎপৰ হৈ উঠিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সহ বিজেপিৰ শীৰ্ষ নেতৃত্ব। RSS নেতৃবৰ্গয়ো অব্যাহত ৰাখিছে পূৰ্ণ প্ৰেচেষ্টা। কিন্তু তাৰ সমান্তৰালভাৱে প্ৰশাসনৰ অজ্ঞাতে চলিব লাগিছে ভাৰত বিৰোধী ষড়যন্ত্ৰ। যোৱা ২২ ছেপ্তেম্বৰত NIA আৰু EDৰ অভিযানত আটক হৈছিল শতাধিক PFI নেতা। তাৰ লগে লগে ফাদিল হৈছিল ৰাষ্ট্ৰ বিৰোধী ষড়যন্ত্ৰৰ ভয়ংকৰ তথ্য। কি তথ্য ফাদিল হৈছিল NIA ৰ অভিযানত।

একেদিনাই দহ খনতকৈও অধিক ৰাজ্যত অভিযান চলাইছিল NIAই। আটক হৈছিল PFIৰ শতাধিক নেতা। তাৰ পাছত দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছিল PFIৰ নেতা কৰ্মীয়ে। আৰু এই প্ৰতিবাদত প্ৰকট হৈ উঠিছে ৰাষ্ট্ৰ বিৰোধী শক্তি। চাওঁক সেই প্ৰতিবাদৰ কিছু দৃশ্য। (Visual + Ambiance) ইয়াত প্ৰতিবাদকাৰীয়ে পাকিস্তান জিন্দাবাদ ধ্বনি দি উপহাস কৰিছে, দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ত্বক। খোদ পুনেৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত পাকিস্তান জিন্দাবাদ ধ্বনি দি PFIৰ কৰ্মকৰ্তাই দেশৰ প্ৰশাসন ব্যৱস্থা আৰু চৰকাৰক প্ৰত্যাহ্বান জনোৱাতো যথেষ্ট চিন্তনীয় নহয় নে? এই ঘটনাই কিহৰ ইংগিত দিছে।

মহাৰাষ্ট্ৰৰ পুনে চহৰত পাকিস্তান জিন্দাবাদ ধ্বনি দি কি ইংগিত দিছে PFIৰ নেতা কৰ্মীয়ে? দেশত পুনৰ তীব্ৰতৰ হ’ব নেকি ধৰ্মীয় সংঘাত? এই ঘটনাই হয়তো কঢ়িয়াই আনিছে আন এক ভয়াৱহ ভৱিষ্যত।

পাকিস্তানৰ বিভাজন ঘটি সৃষ্টি হৈছিল বাংলাদেশ। স্বাধীন বাংলাদেশ সৃষ্টিত ভাৰতৰ ভূমিকা আছিল অপৰিসীম। এতিয়া ভাৰতত PFIক অধিক সক্ৰিয় কৰি পুনৰ দেশ বিভাজনৰ ষড়ৰযন্ত্ৰ ৰচিছে নেকি চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানে? যোৱা ২৩ চেপ্তেম্বৰত সংঘটিত ঘটনায়ো হয়তো সেই বাৰ্তাকে প্ৰেৰণ কৰিছে। আৰু যদি সেয়ে হয় তেন্তে ই দেশৰ সাৰ্বভৌমত্বৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন NDA চৰকাৰৰ প্ৰতিও প্ৰৱল প্ৰত্যাহ্বান হৈ উঠিছে। অন্য অৰ্থত হিন্দুত্ববাদী নীতি আদৰ্শেৰে পৰিচালিত বিজেপি চৰকাৰৰ আমোলতে দেশত অধিক সক্ৰিয় হৈ উঠিছে হিন্দুত্ব বিৰোধী শক্তি।