Another terrible accident in Maharashtra : মহাৰাষ্ট্ৰৰ ধূলেত সংঘটিত পথ দুৰ্ঘটনাত ৯ গৰাকী লোক নিহত , আহত ২৭ গৰাকী

নেশ্যনেল ডেস্ক, ৪ জুলাই : মহাৰাষ্ট্ৰৰ ধুলে জিলাৰ মুম্বাই-আগ্ৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (freak road accident in Maharastra) । এখন কণ্টেইনাৰ, এখন দুচকীয়া বাহন আৰু কাৰৰ মাজত সংঘটিত এই পথ দুৰ্ঘটনাটোত কমেও ৯ গৰাকী লোক নিহত হোৱাৰ লগতে আহত হৈছে ২৭ গৰাকী লোক (Many people killed at Mumbai Agra National Highway) ।
ধুলেৰ আৰক্ষী অধীক্ষক সঞ্জয় বৰকুণ্ডেয়ে সংবাদ মাধ্যমৰ আগত নিশ্চিত কৰা অনুসৰি, নিহতসকলৰ ভিতৰত চাৰিজন পুৰুষ, দুগৰাকী মহিলা আৰু তিনিটা শিশু আছে (Another terrible accident in Maharashtra) । আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, “দুৰ্ঘটনাটোত আহতসকলক শ্বিৰপুৰ আৰু ধূলেৰ বিভিন্ন চিকিৎসালয়লৈ প্ৰেৰণ কৰি চিকিৎসাৰ ব্যৱস্থা কৰোৱা হৈছে । দুৰ্ঘটনাটোৰ ফলত মুম্বাই-আগ্ৰা ৰাষ্ট্ৰীয় ঘাইপথটো কিছু সময়ৰ বাবে বন্ধ হৈ পৰিছিল যদিও এতিয়া যান-বাহনৰ চলাচল পুনৰ আৰম্ভ হৈছে ।”
আৰক্ষীৰ আন এগৰাকী জ্যেষ্ঠ বিষয়াই উল্লেখ কৰা অনুসৰি, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশৰ সীমান্তৱৰ্তী জিলা ধূলেৰ পলাছনেৰ গাঁৱত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো (Border of Maharashtra and Madhya Pradesh in Dhule district) । তেওঁ কয় যে শিলভৰ্তি দ্ৰুতবেগী এখন কণ্টেইনাৰে (Container loaded with gravel) নিয়ন্ত্ৰণ হেৰুৱাই এখন সৰু বাহনক পিছফালৰ পৰা খুন্দা মাৰে। তাৰ পিছত কণ্টেইনাৰখনে আন এখন মটৰ চাইকেলকে ধৰি আৰু তিনি চাৰিখন বাহনকো মহতিয়াই নি পথৰ কাষৰ এখন হোটেলত খুন্দা মাৰেগৈ ।
উল্লেখ্য যে, ১ জুলাই অৰ্থাৎ শনিবাৰে সম্ৰুদ্ধি মহামাৰ্গৰ বুলধনা জিলাত চলন্ত অৱস্থাতে এখন বাছত অগ্নিকাণ্ড সংঘটিত হৈ ২৬ গৰাকী লোকৰ মৃত্যু হৈছিল । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে(Maharashtra Chief Minister Eknath Shinde)য়ে এই ভয়াৱহ দুৰ্ঘটনাটোক লৈ শোক প্ৰকাশ কাৰ লগতে মৃতকৰ আত্মীয়ৰ বাবে পাঁচ লাখ টকাকৈ এককালীন সাহাৰ্য ঘোষণা কৰিছিল ।