আলফাৰ সমৰ্থনত ফেছবুকত পোষ্ট দিয়াৰ বাবে পুনৰ গ্ৰেফপ্তাৰ আন এজন ছাত্ৰ

নিউজ ডেক্স ১৮ জুলাই : বৰ্ষাশ্ৰীৰ পাছত এইবাৰ গ্ৰেফপ্তাৰ আন এজন কলেজীয়া ছাত্ৰ। আলফাৰ সমৰ্থনত ৰাজুহুৱা ভাবে ফেছবুক পোষ্ট দি ৰঙা ঘৰৰ আলহী হল টংলা কলেজৰ চতুৰ্থ ষান্নাসিক’ৰ ছাত্র।
বিগত কেইবা দিনৰ পৰা যুৱক-যুৱতী সকলে ফেছবুকত বিতৰ্কিত পোষ্ট দিয়াৰ বাবে অধিক সক্ৰিয় হৈ পৰিছে অসম আৰক্ষী।
সেয়ে অসম আৰক্ষীয়ে সঘনাই তীক্ষ্ণ দৃষ্টি ৰাখিছে ম’বাইলৰ প্ৰতিটো পোষ্ট,কমেন্টৰ উপৰত।
এইবাৰ আলফাৰ সমৰ্থনত ফেজবুকত পোষ্ট দিয়াৰ বাবে কলাইগাঁও’ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বৰঙাবাৰীৰ কেশৱ কলিতাৰ পুত্ৰ প্ৰমোদ কলিতাক।
টংলা কলেজৰ চতুৰ্থ ষান্নাসিক’ৰ ছাত্র প্ৰমোদে কিছু দিন পূৰ্বে আলফাৰ সমৰ্থনত ফেচবুক’ত এটা পোষ্ট দিছিল।
আৰু এই পোষ্টৰ বাবেই কলাইগাও আৰক্ষীয়ে দেওবাৰে ছাত্র জনক গ্ৰেপ্তাৰ কৰে।
Case no 47/22. under Section 120(B)/121 /121(A) / Section 39 of UA(P) আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি ছাত্ৰ জনক ওদালগুৰি জেললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।