Another Shraddha like murder in Delhi: দিল্লীৰ গীতা কলনীত টুকুৰা টুকুৰ অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ
নেশ্যনেল ডেস্ক, ১২ জুলাই: পূৱ দিল্লীৰ গীতা কলনীৰ অন্তৰ্গত এখন উৰণীয়া সেতুৰ সমীপত কেইবাটাও অংশত টুকুৰা টুকুৰকৈ কটা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে দেশৰ ৰাজধানী নতুন দিল্লীত চাঞ্চল্যৰ সৃষ্টি হৈছে (Another Shraddha like murder in Delhi) । এই সন্দৰ্ভত খবৰ পোৱাৰ পাছতেই দিল্লী আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হয়গৈ । লগতে অপৰাধ অনুসন্ধান আৰু ফৰেনছিকৰ এটা দলকো তদন্তৰ বাবে সেই স্থানলৈ মাতি পঠিওৱা হয় ।
আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, মহিলাগৰাকীৰ মৃতদেহটো ছটাকৈ টুকুৰা কৰি কাটি সেই স্থানত ৰখা হৈছিল (Womans chopped body parts found in Delhi) । অৱশ্যে বৰ্তমানলৈকে চিনাক্ত হোৱা নাই মৃত মহিলাগৰাকীৰ পৰিচয় । মৃতদেহটো পৰিচয়ৰ সন্ধানত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে পুৱা প্ৰায় ৯:১৫ বজাত আৰক্ষীয়ে এই সন্দৰ্ভত তথ্য লাভ কৰিছিল (Delhi murder case) । সেই স্থানত উপস্থিত আৰক্ষীয়ে সমীপৱৰ্তী আৰক্ষী থানাৰ লগত যোগাযোগ কৰি নিৰুদ্দেশ হোৱা লোকসকলৰ তালিকাও সংগ্ৰহ কৰে, যাতে মৃত মহিলাগৰাকীৰ পৰিচয় উলিয়াব পৰা যায় । অৱশ্যে এই সন্দৰ্ভত আৰক্ষীয়ে কোনো বিতং তথ্য আগবঢ়োৱা নাই ।
ইফালে দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতী মালিৱালে এই ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীলৈ এখন জাননী প্ৰেৰণ কৰিছে । লগতে তেখেতে এটা টুইটত উল্লেখ কৰিছে যে, দিল্লীৰ গীতা কলনীত উদ্ধাৰ হৈছে বহুকেইটা অংশত টুকুৰা টুকুৰকৈ ৰখা এগৰাকী মহিলাৰ মৃতদেহ। এই লৈ আৰক্ষীলৈ এখন জাননী প্ৰেৰণ কৰা হৈছে । যুৱতীগৰাকী পৰিচয় কি ? কেতিয়ালৈকে অপৰাধীক গ্ৰেপ্তাৰ কৰা হ’ব ? দিল্লীত কিয় ইটোৰ পিছত সিটোকৈ ভয়ানক হত্যাকাণ্ড সংঘটিত হবলৈ পাইছে ?
তাৎপৰ্যপূৰ্ণভাৱে কিছুদিনৰ পূৰ্বে নতুন দিল্লীৰ মেহৰৌলি অঞ্চলত এনে এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছিল, য’ত অভিযুক্ত আফতাব নামৰ যুৱকজনে শ্ৰদ্ধা নামৰ এগৰাকী যুৱতীক হত্যা কৰি তেওঁৰ মৃতদেহৰ টুকুৰাবোৰ ফ্ৰীজত ৰাখি পাছত লাহে লাহে টুকুৰাবোৰ উলিয়াই নি কাষৰ হাবিত পেলাইছিলগৈ (Murder of Shraddha Walkar)।
লগতে পঢ়ক: Maharashtra Bus Accident : মহাৰাষ্ট্ৰত ভয়ংকৰ বাছ দুৰ্ঘটনা; আহত ১৯গৰাকীকৈ যাত্ৰী ,নিহত এজন