Local, Vocal, Global

ৰাজ্য চৰকাৰৰ দুৰ্নীতি বিৰোধী অভিযানৰ আন এক বৃহৎ সফলতা

গুৱাহাটী,১৯ নৱেম্বৰ: সমগ্র ৰাজ্যতেই খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে নিৰন্তৰ ভাৱে দুৰ্নীতি বিৰোধী অভিযান অব্যাহত ৰাখিছে। ডিব্ৰুগড়ৰ আশীর্বাদ এন্টাৰপ্রাইজৰ স্বত্বাধিকাৰী ধন প্ৰসাদ চাহুৱে নথিপত্ৰ নোহোৱাকৈ অবৈধ ভাৱে খাদ্য সামগ্রী জমা ৰখা খবৰৰ পম খেদি পৰিদৰ্শক শ্ৰী অমিত কুমাৰ বৰুৱা আৰু উপ-পৰিদৰ্শক শ্ৰী ভৱেন কুমাৰৰ নেতৃত্বত এটি দলে সেই স্থানত উপস্থিত হৈ অভিযান চলায়। বিভাগীয় বিষয়াসকলৰ এই অভিযানত অবৈধ ভাৱে জমা ৰখা ৭০ কুইন্টল নিমখৰ লগতে অধিক পৰিমাণত জমা ৰখা আলু, পিঁয়াজ আৰু গুৰ উদ্ধাৰ কৰা হয়।

”দুৰ্নীতিক কোনো কাৰণতে ৰেহাই দিয়া নহ’ব ৷ তাৰবাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ ৷ নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে দুখীয়া ৰাইজক শোষণ কৰা সকলৰ বিৰুদ্ধে আমি অতি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিম’’এই মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ।