Local, Vocal, Global

মুকাক পাপেট থিয়েটাৰৰ “অঙ্কীয়া নাট ৰাম বিজয়” পৰিবেশন

গুৱাহাটী ২৪ মাৰ্চ ২০২২:-
অসমৰ লোক কলা পুতলা নাচক
মুকাক পাপেট থিয়েটাৰে প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহৰহ চেষ্টা চলাই আহিছে। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা স্কলাৰশ্বিপ প্ৰাপ্ত ধ্ৰুৱ জ্যোতি কলিতাই হেৰাই যাব ধৰা কলা পুতলা নাচকো পুন:ৰ্জীৱিত কৰাৰ প্ৰচেষ্টা চলাই আহিছে। মুকাক পাপেট থিয়েটাৰে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ আৰ্থিক অনুদানত পুতলা নাচৰ মাধ্যমত বিনীতা দেৱীৰ পৰিচালনাত “অঙ্কীয়া নাট ৰাম বিজয়” শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ ড. বানীকান্ত কাকতি প্ৰেক্ষাগৃহত অলপতে অনুষ্ঠিত হৈ যায় ।


অঙ্কীয়া নাট খন উদ্ধোধন কৰে শিক্ষাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপিকা ড. ময়ুৰী শৰ্মাই । ড. ময়ুৰী শৰ্মাই উদ্ধোধনী ভাষণত পুতলা নাচ শিক্ষাৰ ক্ষেত্ৰত উপযুক্ত পথ। শিশু সকলক পাঠ্যক্ৰমৰ অধ্যায় সমূহ সুন্দৰকৈ নাটকীয় ভাৱে পুতলা নাট পৰিবেশন কৰিলে অতি সহজে জ্ঞান আহৰণ কৰিব। অসমৰ হেৰাই যোৱা কলাক প্ৰচাৰ আৰু প্ৰসাৰত যথেষ্ট অৱদান আগ বঢ়াব। তাৰোপৰি “অংকীয়া নাট ৰাম বিজয়” পুতলাৰ জৰিয়তে পৰিবেশন কৰা পৰিচালক বিনীতা দেবী অসমত প্ৰথম।

পুতলাক ভাওনাৰ ৰূপ দিয়াটো প্ৰশংসাৰ যোগ্য। লোক কলাক এইদৰে আগ বঢ়াই নিয়া বাবে বিনীতা দেৱীক প্ৰশংসা কৰে। উদ্ধোধনী ভাষণৰ পিছতে বিনীতা দেৱীৰ পৰিচালনাত “অংকীয়া নাট ৰাম বিজয়” পৰিবেশন হয় । অংকীয়া নাট খনৰ প্ৰতিটো দিশ পুতলাৰ জৰিয়তে পৰিবেশন কৰি দৰ্শকক মুগ্ধ কৰে। ভাওনাৰ সম্পূৰ্ণ তাল লয় সুন্দৰ ভাবে পুতলা সমূহ নিয়ন্ত্ৰণ কৰি পৰিৱেশন কৰে। অঙ্কীয়া নাটত পুতলা নাচ কৰাটো সহজ সাধ্য নহয়। মুকাক পাপেট থিয়েটাৰৰ এনে পদক্ষেপ প্ৰশংসাৰ যোগ্য। পুতলা সমুহৰ সঞ্চালন তথা আঙ্গিক সঞ্চালন অতি সুন্দৰ। পুতলা সমূহ বনোৱা কাৰ্য, সাজ সজ্জা আদি সুন্দৰ হৈছে। অংকীয়া নাট খনত ১৮ জনে পুতলা সমূহ সঞ্চালন কৰে। বিনীতা দেৱীয়ে পৰিচলনা কৰা অংকীয়া নাটত প্ৰায় ভাগেই শিশুৰ জৰিয়তে পৰিৱেশন কৰা কাৰ্যত উপস্থিত থকা শিক্ষাবিদ, শিল্পী, সাহিত্যিক, দৰ্শক সকলে মুগ্ধ হৈ পৰে। সকলোৱে শিশু সকলক মৰমেৰে আঁকোৱালি লয়। বিনীতা দেৱীৰ এনে পদক্ষেপ সকলোৱে শলাগ লয়। বৰ্তমান যান্ত্ৰিকতাৰ যুগত এইদৰে শিশু, শিক্ষিত যুৱক-যুৱতীক লৈ “অংকীয়া নাট ৰাম বিজয়” পুতলাৰ জৰিয়তে কৰি অসমৰ কলাক আগবঢ়াই নিয়া কাৰ্য দৰ্শক সকলে শলাগ লয়। মুকাক পাপেট থিয়েটাৰৰ সভাপতি ধ্ৰুৱ জ্যোতি কলিতা প্ৰশংসাৰ যোগ্য। তেখেতৰ অধীনত মুকাক পাপেট থিয়েটাৰৰ পৰা অসমত পোন প্ৰথম বাৰৰ বাবে পুতলাৰ মাধ্যমত “অংকীয়া নাট ৰাম বিজয়” পৰিবেশিত হৈছে ।