Local, Vocal, Global

Watch | Anganwadi workers stranded at Musalpur police station: মুছলপুৰ থানাত আৱদ্ধ শতাধিক অংগনৱাড়ী কৰ্মী-সহায়িকা

টিয়ক : আজি গুৱাহাটীৰ চচলত আছিল অংগনৱাড়ী কৰ্মী-সহায়িকাৰ ধৰ্ণা কাৰ্যসূচী । সেই উদ্দেশ্যে বাক্সাৰ পৰা ৰাওনা হৈছিল এইসকল কৰ্মী-সহায়িকা । কিন্তু আদবাটতে আগচি ধৰি বাক্সা আৰক্ষীয়ে লৈ আনে মুছলপুৰ সদৰ থানালৈ । এতিয়া মুছলপুৰ সদৰ থানাতেই আৱদ্ধ শতাধিক অংগনৱাড়ী কৰ্মী-সহায়িকা । আৰক্ষীয়ে এৰি দিয়া নাই তেওঁলোকৰ বাহনো । যাৰ বাবে ক্ষোভ উজাৰিছে এইসকল কৰ্মী-সহায়িকাই । তেওঁলোকৰ প্ৰাপ্যৰ দাবীতেই ধৰ্ণা কাৰ্যসূচীত অংশ ল’বলৈ ওলাইছিল কৰ্মী-সহায়িকা সকলে ।