Local, Vocal, Global

Andhra Pradesh train accident: কেন্দ্ৰক তীব্ৰ সমালোচনা কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ

নেশ্যনেল ডেস্ক, ৩০ অক্টোবৰ : কেন্দ্ৰক তীব্ৰ সমালোচনা কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ(Andhra Pradesh train accident) ।

দেওবাৰে অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰম জিলাত সংঘটিত হোৱা ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ এদিন পিছতে ৰে’ল সুৰক্ষা ব্যৱস্থাৰ অভাৱৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ(Kharge slams Centre over lack of rail safety) ।

কংগ্ৰেছ সভাপতিগৰাকীয়ে এক্সৰ এটা পোষ্টত কয়, “অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰম জিলাত ৰে’ল লাইনচ্যুত হোৱা দুৰ্ঘটনাক লৈ অত্যন্ত দুখিত । য’ত মানুহে মূল্যৱান জীৱন হেৰুৱাইছে আৰু কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈছে । শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ গভীৰ সমবেদনা । আমি আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ । মই কংগ্ৰেছ কৰ্মীসকলক সকলো সম্ভৱ সহায় আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ । এনে লাগিছে যে বালাচোৰ ৰে’ল ট্ৰেজেডীৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ সুৰক্ষাৰ সকলো দাবী বতাহত উৰি গৈছে(Kharge slams Centre, says claims of safety evaporated) ।”

লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো তীব্ৰ আক্ৰমণ কৰে কংগ্ৰেছ সভাপতিগৰাকীয়ে । উল্লেখ্য যে ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ পিছত এইটো হৈছে দ্বিতীয়টো ডাঙৰ ঘটনা ।

উল্লেখ্য যে বিজয়নগৰম ৰে’ল দুৰ্ঘটনাত নিহতৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি পাইছে । লগতে আহত হৈছে, শতাধিক লোক ।

সূত্ৰ মতে, আঘাতপ্ৰাপ্ত লোককেইজনৰ অৱস্থা সংকটজনক আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱা আশংকা আছে (Kharge slams Centre over lack of rail safety)।

লগতে পঢ়ক :Prime Minister Narendra Modi visits Gujarat : দুদিনীয়া কাৰ্যসূচীৰে গুজৰাটত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী