এক অমানৱীয় কাণ্ড সংঘটিত হৈছে দক্ষিণ কামৰূপৰ সোণতলী…
ডিজিটেল ডেস্ক:- এক অমানৱীয় কাণ্ড সংঘটিত হৈছে দক্ষিণ কামৰূপৰ সোণতলী। দক্ষিণ কামৰূপৰ সোণতলীৰ উত্তৰ শেলোসুতিত পাষণ্ড পুত্ৰৰ আক্ৰমণত গুৰুতৰভাবে আহত পিতৃ।পুত্ৰৰ হাতৰ পৰা মোবাইল লৈ যোৱাৰ বাবেই পুত্ৰই হাতুতিৰে মূৰ ফালিলে পিতৃৰ৷গুৰুতৰ ভাৱে আহত হয় পিতৃ।
জি এম চি এইচত মৃত্যুৰে যুজিছে পিতৃ আশ্ৰাফ আলী৷জানিব পৰা মতে লম্পট পুত্ৰ আব্বাছ আলীৰ হাতৰ পৰা মোবাইল কাঢ়ি লোৱাই অপৰাধ আছিল পিতৃৰ৷ অভিযোগ অনুসৰি, পুত্ৰৰ হাতৰ পৰা ম’বাইল লৈ যোৱাৰ বাবেই পুত্ৰই হাতুতিৰে মূৰ ফালিলে পিতৃৰ৷আহত পিতৃক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ ইফালে লম্পট পুত্ৰক আত্মীয়ই উত্তম মাধ্যম সোধাই তেওঁকো ভৰ্তি কৰিলে সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত৷ পুত্ৰ আব্বাছ আলীৰ অৱস্থাও সংকটজনক হোৱাত জিএমচিলৈ প্ৰেৰণ কৰা হয় ৷