Local, Vocal, Global

এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত !

ডিজিটেল ডেস্ক:- এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত।মধ্যপ্ৰদেশৰ কুঁৱাৰ পৰা উদ্ধাৰ হৈছে ৩ গৰাকী ভগ্নীৰ মৃতদেহ।মঙলবাৰে নিশা উদ্ধাৰ কৰে মৃতদেহ কেইটাক।মধ্যপ্ৰদেশৰ চৰ্দাৰপুৰ তহচিলৰ শ্যামপুৰা ঠাকুৰ গাঁৱত সংঘটিত হৈছে এই ঘটনাৰ।জানিব পৰা মতে মঙলবাৰে গভীৰ নিশাই গাওঁখনৰ গাঁওবাসীয়ে প্ৰত্যক্ষ কৰে মৃতদেহ কেইটা।আৰু মৃতদেহ কেইটা গভীৰ কুঁৱাৰ পৰা উলিয়াই আনে।তাৰ পাছতে ঘটনাৰ খবৰ দিয়ে আৰক্ষীক।কুঁৱাটোৰ পৰা ৩ গৰাকী ভগ্নীৰ মৃতদেহ উদ্ধাৰ কৰা হয় যদিও মাতৃ গৰাকীও নিৰুদ্দেশ হৈ আছে। আনহাতে ছোৱালীকেইজনীৰ লগত আছিল মাতৃও, যাৰ বাবে এতিয়া মাতৃৰ সন্ধান বিছাৰি থকা হৈছে।গাঁওখনৰ পৰা পোৱা তথ্য অনুসৰি চৰ্দাৰপুৰৰ এছ ডি অ’পি ৰামসিং মেডাৰ লগতে ষ্টেচন ইনচাৰ্জ প্ৰদীপ খান্নাই সেই স্থানত উপস্থিত হয়। তেওঁ বিষয়টোৰ ওপৰত তদন্ত আৰম্ভ কৰিছে।শিশুৰ সৈতে মহিলাগৰাকীয়ে কুঁৱাটোত জপিয়াই পৰা বুলি সন্দেহ কৰিছে গাঁওবাসীয়ে। দুপৰীয়া প্ৰায় ১২ মানত গাঁৱৰ বাহিৰত এজন আত্মীয়ক লগ কৰিবলৈ গৈছিল শিশুকেইটাৰ পিতৃ জীৱন বামনীয়া।পিতৃ ঘৰলৈ উভতি অহাৰ পাছত ঘৰত পত্নী আৰু সন্তানৰ অনুপস্থিতিত পত্নী আৰু সন্তান বিচাৰিবলৈ ধৰিলে। কিছু সময়ৰ পাছত গাঁৱৰ ৰাইজে জানিবলৈ দিয়ে যে মৃতদেহকেইটা কুঁৱাৰ ওচৰত পৰি আছে।আত্মীয়ই তাত উপস্থিত হোৱাৰ লগে লগে ছোৱালীকেইজনীক চিনাক্ত কৰা হয়। একে সময়তে কুঁৱাৰ ভিতৰতে মাক ৰঞ্জনাৰ সন্ধানো চলি আছে। মৃতদেহকেইটাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে।