Local, Vocal, Global

মণিপুৰত ভূমিস্খলন প্ৰৱণ অঞ্চলবোৰ চিনাক্ত কৰিবলৈ গঠন কৰিব এখন বিশেষজ্ঞ সমিতি

নিউজ ডেস্ক, ১২ জুলাই : মণিপুৰৰ চৰকাৰে মঙলবাৰে ঘোষণা কৰিছে যে ৰাজ্যখনত ভূমিস্খলন প্ৰৱণ অঞ্চলবোৰ চিনাক্ত কৰিবলৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰা হ’ব।

উচ্চ-পৰ্যায়ৰ সমিতিখনত ভাৰতীয় ভূতাত্ত্বিক জৰীপ আৰু মণিপুৰ ৰিম’ট চেঞ্চিং এপ্লিকেচন কেন্দ্ৰৰ বিষয়াসকল থাকিব।

৮ জুলাইত চুৰাচান্দপুৰৰ ১০২ টিপাইমুখ ৰোডৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভূমিস্খলনত নিহত সকলৰ পৰিয়ালৰ সদস্যসকলক অনুদান প্ৰদান কৰাৰ পিছত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই কথা ঘোষণা কৰে।

মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালৰ সদস্যসকলক ৫ লাখ টকা আৰু গুৰুত্বৰভাবে আঘাতপ্ৰাপ্ত লোকসকলক ৫০,০০০ টকা আৰু সামান্য আঘাতপ্ৰাপ্ত লোকসকলক ১০,০০০ টকাৰ অনুদান প্ৰদান কৰে।

মন কৰিকৰিব লগীয়া যে ২৯ জুনত মণিপুৰৰ নোনি জিলাৰ টুপুলত এটা নিৰ্মাণাধীন ৰে’ল ষ্টেচনত এটা ডাঙৰ ভূমিস্খলন হৈছিল।

উদ্ধাৰকাৰী দলে আজিলৈকে প্ৰায় ৫০ টা মৃতদেহ উদ্ধাৰ কৰাৰ সৈতে উদ্ধাৰ অভিযান চলি আছে।

ইফালে, ভূমিস্খলনত নিহত অসমৰ বাসিন্দাৰ মৃত্যুৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পাইছে আৰু সেই স্থানৰ পৰা আৰু দুটা মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি বিষয়াসকলে আজি জানিবলৈ দিয়ে।

বিষয়াজনে আৰু উল্লেখ কৰিছিল যে এতিয়াও অসমৰ ছয়জন লোক সন্ধানহীন হৈ আছে।