Local, Vocal, Global

১৭ জুলাইত সৰ্বদলীয় বৈঠক

নিউজ ডেস্ক, ১২ জুন : সংসদীয় পৰিক্ৰমা মন্ত্ৰী Pralhad Joshiয়ে কেন্দ্ৰীয় চৰকাৰৰ সংসদৰ বাৰিষা অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে ১৭ জুলাই (দেওবাৰে) সৰ্বদলীয় বৈঠক আহ্বান কৰিছে।

এই বৈঠকৰ বাবে সকলো ৰাজনৈতিক দলৰ মজিয়াৰ নেতাসকলক আমন্ত্ৰণ জনাইছে।

আগন্তুক বাৰিষা অধিৱেশনত অনুষ্ঠিত হ’বলগীয়া আলোচনা আৰু উৎপাদনশীলতা সৰ্বাধিক কৰাৰ উপায়সমূহ বৈঠকত আলোচনা কৰিব লগা বিষয়সমূহৰ ভিতৰত অন্যতম।

সূত্ৰ অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বৈঠকত উপস্থিত থাকিব বুলি সম্ভাৱনা আছে।

ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন ১৮ জুলাইত অধিৱেশনৰ আৰম্ভণিৰ দিনা অনুষ্ঠিত হ’ব আৰু উপ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন ৬ আগষ্টত অনুষ্ঠিত হ’ব।

সংসদৰ বাৰিষা অধিৱেশন ১৮ জুলাইত আৰম্ভ হ’ব আৰু ১২ আগষ্টলৈকে অনুষ্ঠিত হ’ব।