Local, Vocal, Global

Women reservation bill : বুধবাৰে লোকসভাত মহিলা সংৰক্ষণ বিধেয়কৰ খচৰা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য

নেশ্যনেল ডেস্ক, ২১ছেপ্টেম্বৰ : বুধবাৰে লোকসভাত মহিলা সংৰক্ষণ বিধেয়কৰ খচৰা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য ‘‘মহিলা সবলীকৰণ বিজেপিৰ বাবে ৰাজনৈতিক বিষয় নহয়, বৰঞ্চ ইয়াৰ কৰ্ম সংস্কৃতিৰ অন্তৰ্নিহিত ধাৰণা আছিল(Women empowerment intrinsic to BJP work culture) ।’’

বুধবাৰে নিম্ন সদনত নিৰ্মম সংখ্যাগৰিষ্ঠতাৰে গৃহীত হয় মহিলা সংৰক্ষণ বিধেয়ক । লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ প্ৰস্তাৱ দিছিল বিধেয়কখনত ।মহিলা সংৰক্ষণ খচৰা খনত নিম্ন সদনৰ ৪৫৪ জন সদস্যই মহিলা সংৰক্ষণৰ খচৰা আইনখনৰ পক্ষত ভোটদান কৰিছিল আৰু তাৰ বিপৰীতে ২ জন সদস্যই বিধেয়কখন গৃহীত হোৱা প্ৰস্তাৱৰ বিৰুদ্ধে ভোটদান কৰে(Women reservation bill)।

মহিলা সংৰক্ষণ বিধেয়কৰ খচৰা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় ,যদিহে মহিলা সংৰক্ষণ বিধেয়কখন গৃহীত হয় তেন্তে “ দেশত মহিলা নেতৃত্বাধীন উন্নয়ন”ৰ নতুন পৰ্যায়ৰ সূচনা হ’ব। এই বিধেয়কখনে বছৰ বছৰ ধৰি বিচাৰাধীন হৈ থকা নীতি নিৰ্ধাৰণত মহিলাৰ অংশগ্ৰহণ নিশ্চিত কৰিব । লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে কয় যে, বহু দলৰ বাবে মহিলা সবলীকৰণ ৰাজনৈতিক বিষয় হ’ব পাৰে, কিন্তু বিজেপিৰ বাবে নহয় । এয়া
বিজেপিৰ কৰ্ম সংস্কৃতি । নিৰাপত্তা, মৰ্যাদা আৰু মহিলাৰ অংশগ্ৰহণ চৰকাৰৰ কেন্দ্ৰবিন্দু ক্ষেত্ৰ হৈ আহিছে যেতিয়াৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই চৰকাৰ গঠন হৈছে(Amit Shah on Women Reservation Bill) ।

‘জন ধন’ একাউণ্টৰ প্ৰসংগ উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কয়, একাউণ্ট হিতাধিকাৰীৰ ৭০ শতাংশই মহিলা । তেওঁ কয়, “এতিয়ালৈকে দেশত ১১ কোটি ৭২ লাখ শৌচাগাৰ নিৰ্মাণ কৰা হৈছে ৷ যিটো পদক্ষেপ মহিলাসকলৰ সবলীকৰণ নিশ্চিত কৰাৰ ক্ষেত্ৰত বহুখিনি আগবাঢ়িছিল’’ ।

উল্লেখ্য যে, কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে গৃহীত প্ৰস্তাৱৰ উত্তৰ সদনত ৰখাৰ পিছত সংবিধান (১২৮ সংখ্যক সংশোধনী) বিধেয়ক, ২০২৩ গৃহীত হয় । ৪৫৪ জন সদস্যই এই আইনখনৰ সপক্ষে আৰু দুজনে বিৰুদ্ধে ভোটদান কৰাৰ বাবে এই বিধেয়কখন সংখ্যাগৰিষ্ঠতাৰে গৃহীত কৰা হয় । খচৰা আইনখনৰ ব্যক্তিগত দফাসমূহৰ ওপৰতো ভোটদান কৰা হয় । অৱশেষত নিম্ন সদনত বিধেয়কখন গৃহীত হোৱাৰ কথা ঘোষণা কৰে অধ্যক্ষ ওম বিৰলাই(Lok Sabha passes Women reservation bill) ।

মঙলবাৰে নতুন সংসদ ভৱনলৈ স্থানান্তৰিত হোৱাৰ পিছত লোকসভাৰ দ্বাৰা গৃহীত হোৱা প্ৰথমখন বিধেয়ক আছিল ‘নাৰী শক্তি বন্দন অধিনিয়ম’।

খচৰা বিধেয়কখন গৃহীত হোৱাৰ লগে লগে মেঘৱালে কয় যে ‘ইতিহাস’ সৃষ্টি হ’ল । বিধেয়কখনৰ বিধানসমূহ কাৰ্যকৰী কৰাত পলম হোৱাৰ বাবে বিৰোধীৰ সমালোচনাক নাকচ কৰি মেঘৱালে কয় যে এই খচৰা আইনখনে স্বচ্ছতা নিশ্চিত কৰে । কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ উদ্যোগত দিনজোৰা বিতৰ্কৰ অন্তত বিধেয়কখন গৃহীত হয় ।

লগতে পঢ়ক :PM Modi Reveals New Name For Old Parliament Building :  প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিলে পুৰণি সংসদ ভৱনৰ নতুন নাম