Local, Vocal, Global

Preparedness for Amarnath Yatra: অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি মূল্যায়নৰ উদ্দেশ্যে অমিত শ্বাহৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ বৈঠক

নেশ্যনেল ডেস্ক, ৯ জুন: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Union Home Minister Amit Shah)ৰ অধ্যক্ষতাত শুকুৰবাৰে ৬২ দিনজোৰা অমৰনাথ যাত্ৰাৰ প্ৰস্তুতিৰ সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় (Preparedness for Amarnath Yatra) । এইবাৰৰ অমৰনাথ যাত্ৰা অহা ১ জুলাইৰ পৰা আৰম্ভ হৈ ৩১ আগষ্টত সমাপ্ত হ’ব ।

জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহা(Lieutenant Governor of Jammu and Kashmir Manoj Sinha), কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লা (Union Home Secretary Ajay Bhalla), ইণ্টেলিজেঞ্চ ব্যুৰ’ৰ মুৰব্বী তপন ডেকা (Intelligence Bureau chief Tapan Deka), ন’ডাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং-ইন-চীফ উপেন্দ্ৰ দ্বিবেদী, চি আৰ পি এফৰ সঞ্চালক প্ৰধান এছ এল থাওছেনকে ধৰি বহুকেইগৰাকী শীৰ্ষ পদবীৰ বিষয়াই বৈঠকখনত উপস্থিত থাকে ।

অলপতে শ্ৰীনগৰত জি-২০ পৰ্যটন কৰ্মী গোটৰ বৈঠক সফলভাৱে অনুষ্ঠিত হৈ যায় (G20 tourism working group meeting in Srinagar) । আগন্তুক অমৰনাথ যাত্ৰাৰ সময়তো যাতে কোনো কূটাঘাত সংঘটিত নহয়, তাৰ বাবে সম্পূৰ্ণ সতৰ্কতা অৱলম্বন কৰিছে জম্মু-কাশ্মীৰ প্ৰশাসনে (Jammu and Kashmir administration) । ইয়াৰ মাজতে পাকিস্তানৰ সন্ত্ৰাসবাদী গোটে অমৰনাথ যাত্ৰাৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত কৰাৰ সম্ভাৱ্য প্ৰচেষ্টাৰ চোৰাংচোৱা তথ্য লাভ কৰিছে (Possible attempts by Pakistan based terror outfits) । যাৰ বাবে জম্মু-কাশ্মীৰ প্ৰশাসনৰ লগতে কেন্দ্ৰইও আগন্তুক অমৰনাথ যাত্ৰাৰ ব্যৱস্থাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে, দক্ষিণ কাশ্মীৰৰ হিমালয়ৰ পৰ্বতমালা(Himalayan ranges of south Kashmir)ৰ ৩৮৮০ মিটাৰ উচ্চতাত অৱস্থিত অমৰনাথৰ পবিত্ৰ গুহা মন্দিৰৰ বাৰ্ষিক তীৰ্থযাত্ৰা (Annual pilgrimage to holy cave shrine of Amarnath) অহা ১ জুলাইৰ পৰা আৰম্ভ হৈ ৩১ আগষ্টত সমাপ্ত হ’ব ।

লগতে পঢ়ক : Amarnath Yatra 2023: ১ জুলাইৰ পৰা আৰম্ভ হ’ব এইবৰ্ষৰ অমৰনাথ যাত্ৰা