Karim Uddin Barbhuiya degree controversy: কৰিম উদ্দিন বৰভূঞাৰ ডিগ্ৰী জালিয়াতিৰ বিৰুদ্ধে পুনৰ সৰৱ আমিনুল হক লস্কৰ
গুৱাহাটী,১৯ মে’: মেট্ৰিকত গ্ৰেচ মাৰ্ক পাই থাৰ্ড ডিভিজন পোৱা সোণাই সমষ্টিৰ AIUDFৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ বাকীবোৰ ডিগ্ৰী ভুৱা ৷ এই অভিযোগ আনিলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা অসম বিধান সভাৰ প্ৰাক্তন উপাধ্যক্ষ আমিনুল হক লস্কৰে (Former MLA Aminul Haque Laskar) ৷ শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদ মেল সম্বোধন কৰি প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰে সোণাই সমষ্টিৰ AIUDF বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ ভুৱা ডিগ্ৰীক লৈ পুনৰ সৰৱ হৈ পৰে (Karim Uddin Barbhuiya degree controversy)৷
উল্লেখ্য যে বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ শিক্ষাগত অৰ্হতা সন্দৰ্ভত ভুল তথ্য নিৰ্বাচন আয়োগক দাখিল কৰাৰ অভিযোগেৰে আমিনুল হক লস্কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল(Petition filed in Guwahati High Court) ৷ বিধায়ক কৰিম উদ্দিন বৰভূঞাই শপতনামাত গুৰুচৰণ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা আৰু চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা বুলি উল্লেখ কৰিছিল ৷
কিন্তু পৰৱৰ্তী সময়ত আৰ টি আইৰ (Right to information) জড়িয়তে পোৱা তথ্যৰ ভিত্তিত বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ সকলো ডিগ্ৰী ভুৱা বুলি প্ৰমাণিত হৈছিল ৷ আৰ টি আইৰ জড়িয়তে পোৱা তথ্যৰ ভিত্তিতে প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰে বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছিল (Karim Uddin Barbhuiya fake degree case)৷
ইফালে বিধায়ক কৰিম উদ্দিন বৰভূঞাই বিষয়টো সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ এই ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰে ৷ ইয়াৰ পাছতে বিধায়ক কৰিম উদ্দিন বৰভূঞাই নিজৰ জয় হোৱা বুলি উল্লেখ কৰি প্ৰাক্তন বিধায়ক তথা গোচৰীয়া আমিনুল হক লস্কৰৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানিৰ গোচৰ দিয়াৰ কথা উল্লেখ কৰে ৷
ইয়াৰ প্ৰত্যুত্তৰত শুকুৰবাৰে এখন সংবাদ মেল সম্বোধন কৰি আমিনুল হক লস্কৰে বিধায়ক বৰভূঞাক ১০ কোটি টকাৰ নহয়, ১০০ কোটি টকাৰ মানহানিৰ গোচত তৰিবৰ বাবে জনালে প্ৰত্যাহ্বান ৷ লগতে তেওঁ উল্লেখ কৰিলে যে, মানহানিৰ গোচৰ তৰিলে ন্যায়ালয়ত সকলোবোৰ তথ্য দাখিল কৰিব লাগিব আৰু তেতিয়া বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ সকলোবোৰ জালিয়াতি উন্মোচিত হৈ পৰিব ৷
লগতে কৰিম উদ্দিন বৰভূঞাক তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা জালিয়াতিৰ সকলো তথ্য খণ্ডন কৰাৰ বাবে প্ৰত্যাহ্বান জনায় ৷ সংবাদমেলখনত আমিনুল হক লস্কৰে বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ জালিয়াতিৰ বহুকেইটা বিস্ফোৰক তথ্য দাঙি ধৰে ৷
লগতে পঢ়ক: Government official arrested: উৎকোচ লৈ পুনৰ গ্ৰেপ্তাৰ আন এগৰাকী চৰকাৰী বিষয়া