Local, Vocal, Global

১০৮ সেৱাৰ গাড়ীতে সন্তান প্ৰসব

গহপুৰৰ এগৰাকী ক’ভিদ আক্ৰান্ত গৰ্ভৱতী মহিলাক উন্নত চিকিৎসাৰ অৰ্থে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰিত কৰোঁতে  নিশা বাটতে ১০৮ সেৱাৰ গাড়ীতে অতি সুকলমে  সন্তান প্ৰসব হয় । গহপুৰ মহকুমাৰ অন্তৰ্গত কলাবাৰী মহাবিদ্যালয় ক’ভিদ কেয়াৰ চেন্টাৰৰ পৰা  ৮ মাহৰ গৰ্ভৱতী ক’ভিদ আক্ৰান্ত গহপুৰ গমিৰিৰ বিতুমনি তামাৰীয়া নামৰ মহিলা গৰাকীৰ অবস্থা শোচনীয় হোৱাত উন্নত চিকিৎসাৰ অৰ্থে নিশা  স্থানান্তৰ কৰিছিল ।

১০৮ সেৱাৰ গাড়ীৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নি থকা অৱস্থাত  কুসুমটোলা চেন্টাৰত গাড়ীখনৰ চকা ফুটি বিকল হোৱা  অবস্থাতে   গাড়ীৰ ভিতৰতে ১০৮ চিকিৎসা কৰ্মীদ্বয় দিলিপ বৰা আৰু ৰিংকু দত্তৰ অক্লান্ত পৰিচৰ্য্যাত সুকলমে মহিলা গৰাকীয়ে সন্তান প্ৰসব কৰিবলৈ সক্ষম হয় ।

যি সময়ত মহিলাগৰাকীৰ স্বাস্থ্য জটিল ৰূপ ধাৰণ কৰাত উন্নত চিকিৎসাৰ অৰ্থে চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল আধা বাটতে  ১০৮ কৰ্মীৰ প্ৰচেষ্টাত সুকলমে সন্তান প্ৰসব কৰাক লৈ ৰাইজে ১০৮ কৰ্মীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা দেখা গৈছে