Local, Vocal, Global

Ambubachi Mela : শুকুৰবাৰৰ পৰা শক্তিপীঠ কামাখ্যাধামত মহা অম্বুবাচী মেলা

গুৱাহাটী, ২১জুন : কাইলৈৰ পৰা শক্তিপীঠ মা কামাখ্যাত অম্বুবাচীৰ মহাযোগ (Ambubachi Mela 2023) । অম্বুবাচীৰ প্ৰাকক্ষণত ভিন্ন ৰাজ্যৰ পৰা অহা হেজাৰ হেজাৰ ভক্তই ভিৰ কৰিছে শক্তিপীঠ মা কামাখ্যাত। বিভিন্ন বাবাই ভিৰ কৰিছে নীলাচলত। শিলচৰৰ পৰা আহিল হৰ-গৌৰী বাবাও। হৰ-গৌৰী বাবাও যেন অম্বুবাচীৰ বিশেষ আৰ্কষণ।

২২ জুনৰ নিশা ২.৩০ বজাত হ’ব অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি । ২৩ জুনৰ পৰা ২৫ জুনলৈকৈ বন্ধ থাকিব মন্দিৰৰ দ্বাৰ (Kamakhya Temple)। ২৬ জুনৰ নিত্য পূজাৰ পাছত খুলি দিয়া হ’ব কামাখ্যাৰ দ্বাৰ । অম্বুবাচী উপলক্ষে ২৬ জুনত কামাখ্যা মন্দিৰত নাথাকিব কোনো VVIP-VIPৰ ব্যৱস্থা । ৪ দিনীয়াকৈ অনুস্থিত হ’ব এই অম্বুবাচী মেলা।২৬ জুনত অন্ত পৰিব অম্বুবাচী মেলা। অম্বুবাচীৰ দিনকেইটাত পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈহে নীলাচলত প্ৰৱেশ কৰিব পাৰিব ভক্তসকল।

উল্লেখ্য যে, এইবাৰ সোণাৰাম খেলপথাৰৰ পৰিৱৰ্তে কামাখ্যা ষ্টেচনত হ’ব অম্বুবাচীৰ শুভাৰম্ভণি অনুষ্ঠান । অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ’ব এইবাৰৰ শুভাৰম্ভণি অনুষ্ঠান ।

কামাখ্যা ধামৰ পৰিচালনা সমিতিৰ লগতে অম্বুবাচী মেলাৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে মহানগৰ আৰক্ষী প্ৰশাসন (Administration and Temple Management Committee)। আম্বুবাচী মেলাৰ বাবে প্ৰশাসনে জাৰি কৰিছে SOP।
এনে সময়তে, আৰক্ষী প্ৰশাসন আৰু জিলা প্ৰশাসনে যুটীয়াভাৱে আয়োজন কৰা সংবাদমেলত মহানগৰ যানবাহন শাখাৰ ডি চি পি হিৰণ্য কুমাৰ বৰ্মণে কয়, মহানগৰীত যান-জঁটৰ সমস্যা ৰোধ কৰিবলৈ ২২ জুনৰ পৰা ২৬ জুনলৈ জাৰি কৰা হৈছে পথ নির্দেশনা।

২২ জুনৰ বিয়লি ৪ বজাৰ পৰা পৰা ২৬ জুনৰ দুপৰীয়া ১২ বজালৈ কামাখ্যা মন্দিৰৰ তলৰ পৰা ওপৰলৈ ফেৰী গাড়ীৰ বাহিৰে আন যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ২২ জুনৰ পৰা ২৬ জুনলৈ সামগ্ৰী কঢ়িওৱা লঘু আৰু গধুৰ বাহন ডি জি ৰোড, এম জি ৰোড, এ টি ৰোডত চলাচল বন্ধ কৰা হৈছে। কেৱল তিনি চকীয়া লঘু সামগ্ৰী কঢ়িওৱা বাহন নিশা ১২ বজাৰ পৰা পুৱা ৬ বজালৈ চলাচলতহে অনুমতি দিয়া হৈছে। ২২ জুনৰ পৰা ২৬ জুনৰ এই সময়ছোৱাত ডি জি ৰোড, এম জি ৰোড, এ টি ৰোডত আন্তঃজিলা বাছৰ চলাচল বন্ধ কৰা হৈছে।

কামাখ্যা ধামৰ অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে ঘোষণা কৰিছে কেইবাটাও নিয়ম । এক জাননীযোগে এই নিয়মসমূহ জাৰি কৰিছে পৰিচালনা সমিতিয়ে ।উল্লেখ্য যে অম্বুবাচীৰ কেইদিনত কামাখ্যাত সমাগম হোৱা প্ৰতি লক্ষ্য ৰাখি কণ-কণ শিণ্ড, বৃদ্ধ অথবা অসুস্থ ব্যক্তিক পৰাপক্ষত অহাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছে অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে।

আনহাতে যিহেতু নীলাচল পাহাৰ এক ধপাত মুক্ত অঞ্চল, সেয়েহে এই ক্ষেত্ৰত সকলো দৰ্শনাৰ্থীকে মাদক দ্রব্য সেৱন কৰি দেৱালয়ত প্ৰৱেশ নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে সমিতিয়ে।

আনহাতে অম্বুবাচী মহাযোগৰ সময়ত তীৰ্থযাত্ৰীৰ বাবে ২৪ ঘণ্টীয়া পানী, বিদ্যুত্‍, স্বাস্থ্যসেৱা, শৌচালয়, চাফাই, নিৰাপত্তা পৰ্য্যাপ্ত পৰিমাণৰ ৰাখিবলৈ প্ৰশাসনক অনুৰোধ জনোৱা হৈছে ।

গুৱাহাটীৰ যান-বাহন বিভাগৰ উপ-আৰক্ষী আয়ুক্তই জাৰি কৰা এক আনুষ্ঠানিক অধিসূচনা মতে, “২২ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যাৰ পাদদেশৰ পৰা কামাখ্যা মন্দিৰ অভিমুখে ভাড়া গাড়ী, অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত যান-বাহন আৰু কামাখ্যা মন্দিৰ আৰু জিলা প্ৰশাসনৰ অনুমোদিত স্থানীয় বাসিন্দাৰ কেইখনমান বাহনৰ বাহিৰে কোনো যান-বাহন প্ৰৱেশ কৰিব নোৱাৰিব।

”২২ জুনৰ পৰা ২৬ জুনলৈ ডি জি ৰোড আৰু এম জি ৰোডত গধুৰ, মজলীয়া আৰু ক্ষুদ্ৰ সামগ্ৰী কঢ়িয়াই অনা কোনো বাণিজ্যিক বাহন চলাচল কৰিব নোৱাৰিব।

ইফালে মঙলবাৰে গুৱাহাটী যান-বাহন আৰক্ষীয়ে অম্বুবাচীৰ সময়ত ২২ জুনৰ পৰা ২৬ জুনলৈ মানি চলিবলগীয়া নিয়ম জাৰি কৰিছে ।যান-বাহন বিভাগৰ উপ-আৰক্ষী আয়ুক্তই জনোৱা অনুসৰি আন্তঃজিলা আৰু দীৰ্ঘ দূৰত্বৰ বাছসমূহ ডি জি ৰোড, এম জি ৰোড আৰু এ টি ৰোডত চলাচল কৰিব নোৱাৰিব।

মালিগাঁও ফালৰ পৰা কামাখ্যা গেট অভিমুখে অহা বাহনসমূহে কামাখ্যা গেটৰ ওচৰত ভক্তসকলক নমাই ভৰালুমুখ অভিমুখে গতি কৰিব আৰু সোণাৰাম ফিল্ডত গাড়ী ৰখাব লাগিব।ইফালে ভৰালুমুখ ফালৰ পৰা কামাখ্যা গেটৰ দিশে অহা বাহনসমূহে কামাখ্যা গেটৰ ওচৰত ভক্তসকলক নমাই আদাবাৰী অভিমুখে গৈ বৰিপাৰা ফিল্ড অথবা আদাবাৰী বাছ ষ্টেণ্ডত বাহন সমূহ ৰখাব লাগিব ।লগতে, প্ৰশাসনৰ নিৰ্দেশ মতে পাণ্ডু মন্দিৰ ঘাটৰ পৰা কামাখ্যা মন্দিৰলৈ নতুনকৈ নিৰ্মিত পথত কোনো যান-বাহন চলাচল কৰিব নোৱাৰিব।

লগতে পঢ়ক : Ambubachi Mela 2023 : অম্বুবাচী উপলক্ষ্যে প্ৰশাসনে জাৰি কৰিছে SOP