Local, Vocal, Global

অম্বুবাচী মেলা- ২০২২

নিউজ ডেক্স, ২২জুন : আজি ঐতিহাসিক অম্বুবাচী মেলা উখল মাখল নীলাচলৰ বুকু। সমাগম হৈছে অগণন ভক্তৰ। ২৪জুন অৰ্থাৎ আজি ৮.১৮ বজাত বন্ধ কৰা হব মা কামাখ্যাৰ দুৱাৰ মুখ। আৰু ২৬ জুনত ৰাতিপুৱা ৫.৩০ বজাত মন্দিৰৰ দুৱাৰ খুলি দিয়া হব ।

অজস্ৰ স্বেচ্ছাসেৱক ৰ লগত ঠায়ে ঠায়ে মেডিকেল কেম্প সমূহ স্থাপন কৰা হৈছে । স্বচ্ছতাৰ উপৰত বিশেষ গুৰুত্ব দিয়া হৈছে । স্বচ্ছতাৰ উপৰত লক্ষ্য ৰাখি এইবাৰ মন্দিৰ উপৰত কোন খোৱাৰ ব্যৱস্থা কৰা হোৱা নাই। দেশ বিদেশৰ পৰা বহু সাধু সন্যাসৰ লগতে কিন্নৰ সমূহ আহি ইতিমধ্যে উপস্থিত হৈছে মাৰ ধামত।

এইবাৰ ভক্ত সকলৰ বাবে থকাৰ বিশেষ আয়োজন কৰা হৈছে । থকাৰ বাবে কেম্প সমূহ ইতিমধ্যেই প্ৰস্তুত কৰা হৈছে কামাখ্যা ষ্টেচন, ফাঁচী বজাৰ পুৰণি জেল , ভূতনাথ ত ভক্ত সকলৰ থকা খোৱাৰ বিশেষ ব্যবস্থা কৰা হৈছে । মেডিকেল আৰু জৰুৰীকালীন বাহনৰ বাহিৰে ২৪জুনৰ পৰা ২৬জুন লৈকে কোনো বাহন উপৰত উঠাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

উল্লেখযোগ্য যে বিগত দুটা বছৰ কোভিডৰ ভয়াবহ পৰিস্থিতিৰ বাবে ম্লান পৰি গৈছিল মেলাৰ আনন্দ। কিন্ত বৰ্তমান অসমৰ বান পৰিস্থিতি আৰু শেহতীয়া কৈ কোভিডৰ নতুন কৈ সংক্ৰমণ বৃদ্ধি পোৱাত এইবাৰ অম্বুবাচী মেলাত বহু নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।